ETV Bharat / state

শিলচৰৰ মৌচুমী হাস্পতালত উত্তপ্ত পৰিস্থিতি

মৌচুমী হাস্পতালৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি হাস্পতালত বিভিন্ন অনৈতিক কাৰ্যৰ লগতে স্পাৰ ব্যৱসায় চলাই অহাৰো অভিযোগ উত্থাপন হৈ আহিছে ৷

author img

By

Published : Sep 7, 2020, 4:12 PM IST

silchar-mousomi-hospital-story
শিলচৰৰ মৌচমী হাস্পতালত উত্তপ্ত পৰিস্থিতি

কাছাৰ, 7 চেপ্টেম্বৰ : চিকিৎসা কৰাৰ নামত ধন সংগ্ৰহ কৰি ৰোগীক কোনোধৰণৰ চিকিৎসা নকৰাৰ অভিযোগ উত্থাপিত হৈছে শিলচৰৰ বহু বিতৰ্কিত এখন ব্যক্তিগত চিকিৎসালয় তথা ইয়াত চিকিৎসকৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি শিলচৰৰ মৌচুমী হাস্পতাল নামৰ ব্যক্তিগত হাস্পতালখনত বাৰ্ধক্যজনিত কাৰণত অসুস্থ এগৰাকী মহিলাক চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল ৷ হাস্পতালখনৰ চিকিৎসক তথা স্বত্বাধিকাৰী ডাঃ জে পি দাসে ৰোগীগৰাকীক এমাহৰ কাৰণে চিকিৎসালয়ত ভৰ্তি কৰাবলৈ কয় তথা এমাহত পৰিয়ালৰ কোনো লোকে ৰোগীক দেখা সাক্ষাৎ কৰিব নোৱাৰিব বুলিও কয় ৷ চিকিৎসকৰ পৰামৰ্শ মতেই এমাহৰ পাছত পৰিয়ালৰ লোকে ৰোগীক সাক্ষাৎ কৰিবলৈ আহে যদিও চিকিৎসালয় কৰ্তৃপক্ষই প্ৰথমাৱস্থাত ৰোগীৰ ওচৰলৈ পৰিয়ালৰ লোকক যোৱাত বাধা প্ৰদান কৰে যদিও পৰিয়ালৰ লোকে বাধা নামানি ৰোগীৰ ওচৰলৈ যায় আৰু ৰোগীৰ স্বাস্থ্যৰ অৱস্থা পূৰ্বতকৈ অধিক অৱনতি হোৱা প্ৰত্যক্ষ কৰে ৷

পৰিয়ালৰ লোকে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰোগীগৰাকীৰ চিকিৎসা আৰু শুশ্ৰুষাত অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ এই সন্দৰ্ভত পৰিয়ালৰ লোকে মালুগ্ৰাম টাউন আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ৷ উল্লেখ্য যে, মৌচুমী হাস্পতালৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি হাস্পতালত বিভিন্ন অনৈতিক কাৰ্যৰ লগতে স্পাৰ ব্যৱসায় চলাই অহাৰো অভিযোগ উত্থাপন হৈ আহিছে ৷

লগতে পঢ়ক : নলবাৰীৰ যুৱকে প্ৰস্তুত কৰি উলিয়ালে 40 কিল'গ্ৰাম ওজনৰ দুখনকৈ কিতাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.