শিলচৰ, 18 জানুৱাৰী : শিলচৰত সংঘটিত হ’বলৈ ধৰিছে এটাৰ পিছত আনটো ডকাইতিৰ ঘটনা ৷ বিগত এটা সপ্তাহত শিলচৰ বিভিন্ন ঠাইত সংঘটিত হৈছে কেইবাটও ধন লুটৰ ঘটনা ৷ সোমবাৰেও শিলচৰৰ তাৰাপুৰ দ্বিতীয় ৰে’লগেটৰ সন্মুখত সংঘটিত হয় আন এক ডকাইতিৰ ঘটনা ৷ বাইকত অহা দুই দুৰ্বৃত্তই এগৰাকী প্ৰাক্তন ৰে’ল অভিযন্তাৰ পৰা লুটি নিয়ে প্ৰায় তিনি লাখ টকা ৷
তাৰাপুৰ শ্ৰীদুৰ্গা শৰণীৰ বাসিন্দা প্ৰাক্তন ৰে’ল অভিযন্তা প্ৰজেশচন্দ্ৰ ঘোষে সোমবাৰে দিনত UBI বেংকৰ পৰা প্ৰায় তিনি লাখ টকা উলিয়ায় ৷ টকাখিনি লৈ নিজ ঘৰ অভিমুখে গৈ থকা অৱস্থাতে বাইকত অহা দুই দুৰ্বৃত্তই তেওঁৰ হাতৰ পৰা ধনৰ বেগটো কাঢ়ি নিয়ে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও শিলচৰত কেইবাটাও অনুৰূপ ঘটনা সংঘটিত হৈছে যদিও এইপৰ্যন্ত এজনো দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই শিলচৰ আৰক্ষীয়ে ৷ আৰক্ষীৰ ভূমিকাক লৈও এতিয়া প্ৰশ্ন উত্থাপন কৰিছে সাধাৰণ ৰাইজে ৷
লগতে পঢ়ক-2021 বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিলে তিতাবৰ মহকুমা প্ৰশাসনে