কাছাৰ, 6 এপ্ৰিলঃ শিলচৰ ভ্ৰমণৰ সময়ছোৱাত সকলোকে আৰ্তজনক সহায় কৰিবলৈ আহ্বান জনাইছিল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মন্ত্ৰীগৰাকীৰ আহ্বানক সহাঁৰি জনাই জনসাধাৰণক সহায় কৰিবলৈ সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সংগঠনৰ কাছাৰ জিলা শাখাই 1 লাখ টকা অনুদান দিয়ে ৷
পুনৰ স্বাস্থ্য মন্ত্ৰীৰ আহ্বান মৰ্মে জিলা প্ৰশাসনৰ কৰ্মচাৰী সংগঠনৰ কাছাৰ জিলা শাখাৰ সদস্য সকলে দুখীয়া দৰিদ্ৰক সহায় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কৰ্মচাৰীসকলে খাদ্য সামগ্ৰী প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কৰ'ণাক প্ৰতিহত কৰিবলৈ কৰ্মচাৰী সকলৰ এই পদক্ষেপ সঁচাকৈ উল্লেখনীয় ৷