কাছাৰ, 3 অক্টোবৰ : কাছাৰ জিলাৰ ধলাই বন বিভাগে অভিযান চলাই শুকুৰবাৰে নিশা জব্দ কৰে তিনিখন চোৰাং কাঠ ভৰ্তি ট্ৰাক ৷ গোপন সূত্ৰৰ ভিত্তিত নিশা বন বিভাগে বনমন্ত্রী পৰিমল শুক্লবৈদ্যৰ গৃহ সমষ্টিৰ ধলাই বজাৰ আৰু নতুন বজাৰত তিনিখন ট্ৰাকৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠ ৷ লগতে বন বিভাগে আটক কৰে ট্ৰাক তিনিখনৰ 5 জন চালক-হেণ্ডিমেনক ৷
উল্লেখ্য যে, নিশা 2 বজাত অভিযান চলাই শিলচৰ-মিজোৰাম ৰাষ্ট্ৰীয় ঘাইপথৰ ধলাইবজাৰ আৰু নতুন বজাৰৰ পৰা কাঠখিনি জব্দ কৰিছে DFO ছানি দেও চৌধুৰীয়ে । জব্দকৃত ট্রা'কৰ নম্বৰ হল MZ 09 2929 ,HR 61 A 6050 আৰু HR 61 A 8921 ৷
জানিব পৰা মতে, জব্দ হোৱা চেগুন কাঠ ভৰ্ত্তি ট্ৰাক কেইখন মিজোৰামৰ পৰা আহিছিল ৷ লগতে, কাঠখিনিৰ বজাৰ মূল্য কেইবালাখ টকা হ'ব বুলি জানিবলৈ দিয়ে বন বিভাগে ৷
লগতে পঢ়ক : নতুন ৰাজনৈতিক দলক লৈ হিমন্তৰ প্ৰতিক্ৰিয়া