গুৱাহাটী, 1 ডিচেম্বৰ : ৰাজ্যৰ বিভিন্ন অংশৰ দৰে বৃহস্পতিবাৰে শিলচৰত ৰাজ্য চৰকাৰে মেধাৱী শিক্ষাৰ্থীলৈ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটী বিতৰণ কৰে ৷ এই স্কুটী প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ।
![SCOOTIES DISTRIBUTED BY ASSAM GOVT UNDER PRAGYAN BHARATI SCHEME in Silchar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-12-2023/ministerpiyushatsilchar_30112023190440_3011f_1701351280_474.jpg)
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয়ভাৱে গুৱাহাটীৰ পৰা এই বঁটা বিতৰণ কৰাৰ সমান্তৰালভাৱে বৰাক উপত্যকাৰ শিলচৰত মন্ত্ৰী হাজৰীকাই কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ 2023 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত 60 শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰী আৰু 75 শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰক সামৰি সৰ্বমুঠ 2934 গৰাকী শিক্ষাৰ্থীলৈ আনুষ্ঠানিকভাৱে প্ৰদান কৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটী ।
![SCOOTIES DISTRIBUTED BY ASSAM GOVT UNDER PRAGYAN BHARATI SCHEME in Silchar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-12-2023/20155538_13.jpg)
উল্লেখ্য যে, কাছাৰ জিলাৰ 1231 গৰাকী, কৰিমগঞ্জ জিলাৰ 1249 গৰাকী আৰু হাইলাকান্দি জিলাৰ 454 গৰাকী শিক্ষাৰ্থীয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । বঁটাপ্ৰাপ্ত শিক্ষাৰ্থীসকল তেওঁলোকৰ কনিষ্ঠসকলৰ বাবে প্ৰেৰণা হৈ পৰা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই অহা বৰ্ষত এই বঁটা লাভ কৰা শিক্ষাৰ্থীৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে ।
![SCOOTIES DISTRIBUTED BY ASSAM GOVT UNDER PRAGYAN BHARATI SCHEME in Silchar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01-12-2023/20155538_tgygh.jpg)
উল্লেখ্য যে এই বৰ্ষত ৰাজ্যখনৰ 35770 গৰাকী শিক্ষাৰ্থীয়ে ড° বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে, প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটী বিতৰণ কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে বঁটা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক মুখ্যমন্ত্ৰীয়ে আহ্বান জনোৱাৰ দৰেই চালকৰ অনুজ্ঞাপত্ৰ লোৱা, হেলমেট পৰিধান আদিকে ধৰি পৰিবহণৰ সৈতে জড়িত সম্পূৰ্ণ নীতি-নিয়ম মানি স্কুটী চলাবলৈ আহ্বান জনায় ।
লগতে পঢ়ক : ৩৫, ৭৭০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটী বিতৰণ, শুভাৰম্ভ মুখ্যমন্ত্ৰী