ETV Bharat / state

লক ডাউনৰ সুযোগ লৈ শিলচৰত লুটপাট

author img

By

Published : Apr 13, 2020, 11:58 AM IST

Updated : Apr 13, 2020, 1:36 PM IST

ইফালে কৰ’ণাৰ আতংক, আনফালে খাদ্য সংকট ৷ দেওবাৰে শিলচৰত সংঘটিত হয় লুটপাটৰ ঘটনা ৷ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চোৰে লুটি নিয়ে অত্যাৱশ্যকীয় সামগ্ৰী ৷

Robbary at silchar cacahar
শিলচৰত লুটপাট

শিলচৰ,13 এপ্ৰিলঃ কৰ'ণাৰ আতংকৰ মাজতে শিলচৰত সংঘটিত লুটপাটৰ ঘটনা ৷ প্ৰথম পৰ্যায়ৰ লক ডাউন শেষ হ’বলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত সংঘটিত হয় লুটপাটৰ ঘটনা । আৰক্ষীৰ ব্যস্ততাৰ সুযোগ লৈ কাছাৰ জিলাৰ বিভিন্ন ঠাইত এচাম লোকে এই লুটপাট সংঘটিত কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে ।

শিলচৰত লুটপাট

কাছাৰৰ ধলাই সমষ্টিৰ ৰাজনগৰ গাঁৱৰ সমৰ উদ্দিন লস্কৰ মোডী নামৰ ব্যক্তিগৰাকীৰ দোকানত দেওবাৰে নিশা চোৰে লৈ যায় সকলো অত্যাৱশ্যকীয় সামগ্ৰী । সোমবাৰে পুৱা ব্যৱসায়ী গৰাকীয়ে দোকানৰ পিছফালৰ বাঁহৰ দৰ্জা ভঙা দেখি ঘটনা সম্পৰ্কে অৱগত হয় । ব্যৱসায়ী গৰাকীয়ে ঘটনা সংক্ৰান্তত স্থানীয় আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে ।

লগতে চাওকঃ সৰুসজাইত নিৰ্মীয়মান অতিৰিক্ত কোৱাৰেন্টাইন কেন্দ্ৰ পৰিদৰ্শন জিলা উপায়ুক্তৰ

Last Updated : Apr 13, 2020, 1:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.