ETV Bharat / state

শিলচৰ-হাফলং সংযোগী পথত দুৰ্ঘটনা: জীৱন্তে অগ্নিদগ্ধ মহিলা - পথ দুৰ্ঘটনা

দেওবাৰে সন্ধিয়া হাফলঙৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লাঠিগ্ৰামত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত জীৱন্তে অগ্নিদগ্ধ হয় এগৰাকী নৱ বিবাহিতা মহিলা ৷

শিলচৰ-হাফলং সংযোগী পথত দুৰ্ঘটনা
শিলচৰ-হাফলং সংযোগী পথত দুৰ্ঘটনা
author img

By

Published : Apr 26, 2021, 6:42 AM IST

শিলচৰ,26 এপ্ৰিল: শিলচৰৰ হাফলং মহাসড়কৰ লাঠিগ্ৰামত দেওবাৰে সন্ধিয়া হাফলঙৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লাঠিগ্ৰামত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত জীৱন্তে অগ্নিদগ্ধ হয় এগৰাকী নৱ বিবাহিতা মহিলা ৷ ঘটনাৰ বিৱৰণী অনুসৰি, AS 11 t 4005 নম্বৰৰ এখন হুণ্ডাই ক্ৰেটা বাহন তীব্ৰ বেগেৰে আহি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে ৷ ইয়াৰ পাছতে বাহনখনৰ পাচফালে থকা এখন অট'ৰ ওপৰত বৈদ্যুতিক তাঁৰ চিঙি পৰাত জুইৰ সূত্ৰপাত ঘটে ৷ মুহুৰ্ততে জুয়ে অট’খন আৱৰি ধৰাত তাত থকা ৰুণু বেগম নামৰ মহিলা গৰাকী জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে ৷

শিলচৰ-হাফলং সংযোগী পথত দুৰ্ঘটনা
শিলচৰ-হাফলং সংযোগী পথত দুৰ্ঘটনা

উল্লেখ্য যে, দুৰ্ঘটনাটোত মহিলাগৰাকীৰ স্বামী তেৰামণি বৰভূঞা আৰু চালক বাপ্পন হুছেইন গুৰুতৰভাৱে আহত হয় ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহতসকলক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: চামগুৰিত ক’ভিড আক্ৰান্ত ব্যক্তিৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.