ETV Bharat / state

ছাগলী চোৰৰ বৃত্তিত অৱসৰ প্ৰাপ্ত সেনা জোৱান - #dgp

ছাগলী চোৰ কৰি ৰঙাঘৰৰ আলহী হ’ল ৬৫ বছৰীয়া অৱসৰ প্ৰাপ্ত সেনা জোৱান ৰঞ্জিত পাল ৷ মাহে 22 হাজাৰ টকা পেঞ্চন পোৱা প্ৰাক্তন সেনা জোৱানৰ এই কৰ্মই লজ্জিতে কৰিছে সচেতন মহলক ৷

Theft case at cachar
ছাগলী চোৰৰ বৃত্তিত অৱসৰ প্ৰাপ্ত সেনা জোৱান
author img

By

Published : Aug 20, 2021, 4:28 PM IST

Updated : Aug 20, 2021, 5:30 PM IST

শিলচৰ,20 আগষ্ট: চোৰ বিদ্যা উত্তম বিদ্যা, ধৰা পৰিলে হয় শিলত খুন্দা ৷ এই কথাষাৰ আখৰে আখৰে ফলিয়াইছে এগৰাকী ৬৫ বছৰীয়া বৃদ্ধৰ ক্ষেত্ৰত ৷ আদ-বয়সত চুৰিবিদ্যাত ধৰি ৰঙা ঘৰৰ আলহী হ’ল এইগৰাকী ব্যক্তি ৷

ঘটনাৰ স্থান কাছাৰৰ শ্ৰীকণা অঞ্চল ৷ শেহতীয়াকৈ এই অঞ্চলটোৰ পৰা সঘনে চোৰ হৈ আহিছে ছাগলী ৷ স্থানীয় ৰাইজৰ মতে, অঞ্চলটোৰ পৰা বৰ্তমানলৈকে প্ৰায় বহু ছাগলীয়ে চুৰি হৈছে ৷ কিন্তু চোৰৰ সন্দৰ্ভতহে ৰাইজে কোনো শুং-সূত্ৰ উলিয়াব পৰা নাছিল ৷

কিন্তু দিন বেয়া আছিল ৰঞ্জিত পাল নামৰ আদ-বয়সীয়া ব্যক্তিগৰাকীৰ ৷

আদ-বয়সীয়া ব্যক্তিগৰাকীৰ প্ৰকৃত পৰিচয় জানি চকু কপালত উঠিব আপোনাৰ ৷ ৬৫ বছৰীয়া এইগৰাকী বৃদ্ধ চোৰৰ নাম ৰঞ্জিত পাল ৷ ৰঞ্জিত পাল এগৰাকী অৱসৰপ্ৰাপ্ত সেনা জোৱান ৷ সোমবাৰে চুৰ কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল এইগৰাকী প্ৰাক্তন সেনা জোৱান ৷

ছাগলী চোৰৰ বৃত্তিত অৱসৰ প্ৰাপ্ত সেনা জোৱান

তাৰ পাচৰ অৱস্থা অবৰ্ণনীয় ৷ ছাগলীয়ে মানুহে একেডাল গছতে বান্ধ খাই থকা ৰঞ্জিত পালে বিপদত পৰিহে প্ৰথমবাৰৰ বাবে হাত দিছিল এই কৰ্মত ৷ কিন্তু অঞ্চলবাসীৰ মতে, এয়া প্ৰথম ঘটনা নহয় ৰঞ্জিতৰ ৷

স্থানীয় ৰাইজৰ অভিযোগ, দুই-তিনি বছৰ ধৰি সকলো ঠিকেই আছিল ৷ মানে প্ৰাক্তন সেনা জোৱান ৰঞ্জিত পালৰ ছাগলী চুৰৰ ব্যৱসায় ৷ কিন্তু দশা বেয়া আছিল এইগৰাকী লোকৰ ৷ অৱশেষত ছাগলী চুৰ কৰিবলৈ গৈ ৰঙা ঘৰৰ আলহী হ’ব লগাত পৰিল প্ৰাক্তন সেনা জোৱান গৰাকী ৷

জানিব পৰা মতে, মাহেকত 22 হাজাৰ টকা পেঞ্চন পোৱা প্ৰাক্তন সেনা জোৱান ৰঞ্জিত পালৰ দুই পুত্ৰয়ো কৰে সেনাবাহিনীত চাকৰি ৷ সেনা বাহিনীৰ দৰে এক পবিত্ৰ বৃত্তিত জড়িত হৈয়ো অনুশাসন শিকিব নোৱাৰিলে ৰঞ্জিত পালে ৷ প্ৰাক্তন সেনা জোৱানৰ এই কৰ্মকাণ্ডই এতিয়া লজ্জিত কৰিছে সচেতন মহলক ৷

লগতে পঢ়ক: ডিব্ৰুগড়ত 22 কোটি টকীয়া মথাউৰি নিৰ্মাণত ব্যাপক দুৰ্নীতি

Last Updated : Aug 20, 2021, 5:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.