কাছাৰ, 11 ফেব্ৰুৱাৰী: অসমৰ দুই কাগজ কলৰ 81 গৰাকী কৰ্মচাৰীৰ আত্মাৰ সদগতি কামনা কৰি বৃহস্পতিবাৰে শিলচৰত কাগজ কল জইন্ট একশ্যন কমিটিয়ে এক ধৰ্মীয় শোক সমদল বাহিৰ কৰে ৷
প্ৰাপ্ত তথ্য অনুসৰি শিলচৰৰ গান্ধীবাগ উদ্যানৰ পৰা মমবাতি প্ৰজ্বলন কৰি সমদল অংশ ল'বলৈ সহস্ৰাধিক লোক উলাই আহিছিল ৷ কিন্তু, আৰক্ষী প্ৰশাসনে বাধা প্ৰদান কৰাত মমবাতি প্ৰজ্বলন নকৰাকৈ কেৱল সমদল কৰি লোকসকল শিলচৰলৈ শ্মশানঘাটলৈ যায় ৷ শিলচৰ শ্মশান ঘাটত মা কালিৰ মন্দিৰত মমবাতি জ্বলাই সমদলত অংশ লোৱা লোকসকলে মৃত প্ৰয়াত শ্ৰমিক সকলৰ আত্মাৰ সদগতি কামনা কৰি প্ৰাৰ্থনা কৰে ৷
জানিব পৰা মতে উক্ত সমদলত কাগজ কলৰ কৰ্মচাৰী সকলৰ লগতে প্ৰয়াত কৰ্মচাৰী সকলৰ পৰিয়ালেও অংশ লয় ৷ সমদলত অংশ লৈ কৰ্মচাৰী সকলে জানিবলৈ দিয়ে যে, বৰ্তমান শাসনত অধিষ্ঠিত চৰকাৰৰ সুবুদ্ধি উদয়ৰ বাবে প্ৰাৰ্থনা কৰিছে ৷
লগতে পঢ়ক: নগাঁৱত হাতত ড্ৰাগছৰ চিৰিঞ্জসহ উদ্ধাৰ আৰক্ষীৰ পুত্ৰৰ মৃতদেহ