শিলচৰ, 28 নৱেম্বৰ: এক সপ্তাহ পূৰ্বে ম’বাইল চুৰি কাৰ্যত ৰঙাঘৰৰ আলহী হৈছিল সঞ্জয় দাস নামৰ চোৰটো ৷ কিন্তু বৃহস্পতিবাৰে শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত ৰহস্যজনক ভাৱে মৃত্যু হয় সঞ্জয় দাস নামৰ কয়দী জনৰ ৷ মৃত কয়দীজনৰ ঘৰ কাছাৰ জিলাৰ উধাৰবন্ধ সমষ্টিৰ মধুৰাত ৷
এই ঘটনাৰ পাচত জেল কৰ্তৃপক্ষৰ ৰহস্যজনক ভূমিকা ৷ জেল কৰ্তৃপক্ষই সমগ্ৰ ঘটনাটো গাপ দিয়া চেষ্টা চলাইছিল ৷ ফলত এই ঘটনাটো এতিয়া আত্মহত্যা নে হত্যা নে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷
লগতে চাওক-গোলাঘাটত স্বয়ম্ভু এম.বি.বি.এছ আটক