কাছাৰ, 15 আগষ্ট : ভূমি সংঘাতৰ বাবেই গুলিবিদ্ধ হ’বলগীয়া হ’ল কাছাৰ জিলাৰ বেৰঙা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী ৷ শুকুৰবাৰে নিশা প্ৰতিৱেশীৰ ভূমি সংক্ৰান্তীয় বিবাদ মীমাংসা কৰিবলৈ গৈ গুলিবিদ্ধ হয় নাজিৰ হুছেইন বৰভূঞা ৷
ঘটনা অনুসৰি শুকুৰবাৰে নিশা প্ৰায় 10.45 বজাত আলাউদ্দিন লস্কৰ আৰু নাজিম উদ্দিন লস্কৰ নামৰ দুজন ব্যক্তিৰ মাজত ভূমিক লৈ কাজিয়াৰ সূত্ৰপাত হয় ৷ কাজিয়াৰ শব্দ পাই নাজিৰ হুছেইন বৰভূঞাই তাত উপস্থিত হৈ দুয়োকে বুজাবলৈ চেষ্টা কৰে ৷ লগতে সমগ্ৰ ঘটনা শনিবাৰে মীমাংসা কৰি দিয়া হ’ব বুলিও কয় নাজিৰ হুছেইনে ৷
কিন্তু কাজিয়াৰ মাজতে হঠাতে নাজিৰৰ ওপৰত গুলীচালনা কৰে আলাউদ্দিন লস্কৰে ৷ ফলত সোঁ হাতত আঘাতপ্ৰাপ্ত হয় নাজিৰ ৷
জানিবলৈ পোৱা অনুসৰি অভিযুক্ত আলাউদ্দিন লস্কৰৰ পুত্ৰও বিভিন্ন অসমাজিক কামৰ সৈতে জড়িত ৷ ইতিমধ্যে আলাউদ্দিন লস্কৰৰ বিৰুদ্ধে আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে নাজিৰ হুছেইন বৰভূঞাই ৷ আৰক্ষীয়ে আৰম্ভ কৰিব পৰৱৰ্তী তদন্ত ৷
লগতে পঢ়ক : শিৱসাগৰত পতাকা উত্তোলন কৰিলে উপায়ুক্তই