ETV Bharat / state

শিলচৰত বিধায়ক পুঁজিৰ ধনৰে অক্সিজেন কনচেণ্ট্ৰেটৰ প্ৰদান - কাছাৰৰ জিলা উপায়ুক্ত

দেশত ক’ভিডৰ দ্বিতীয় লহৰে ভাবুকি সৃষ্টি কৰাৰ সময়তে অক্সিজেনৰ নাটনিয়ে শংকিত কৰিছে সমগ্ৰ দেশবাসীক ৷ অসমতো চৰকাৰে অক্সিজেনৰ নাটনি নোহোৱাৰ বাবে চেষ্টা অটুত ৰাখিছে ৷ এনে সময়তে শেহতীয়াকৈ বৰখলাৰ বিধায়ক মিছবাহুল ইছলাম লস্কৰে বিধায়ক পুঁজিৰ ধনৰ পৰা অক্সিজেন কনচেণ্ট্ৰেটৰ প্ৰদান কৰিলে বৰখলা প্রাথমিক স্বাস্থ্যকেন্দ্রত ৷

oxygen concentrator  provided by mla
বিধায়ক পুঁজিৰ ধনৰে অক্সিজেন কনছে’নট্ৰেটৰ প্ৰদান কৰিলে বৰখলাৰ বিধায়কে
author img

By

Published : Jun 8, 2021, 12:11 PM IST

শিলচৰ,8 জুন: ক’ভিড মহামাৰীৰ দ্বিতীয়টো লহৰত অক্সিজেনৰ নাটনিয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ সমগ্ৰ ভাৰতবৰ্ষত বিশেষকৈ দিল্লী, মহাৰাষ্ট্ৰ আদিৰ দৰে ৰাজ্যত অক্সিজেনৰ নাটনি হোৱাত বহুসংখ্যক লোকে প্ৰাণ হেৰুৱাইছে ৷ তেনে এক সময়তে অসমত যাতে অক্সিজেনৰ নাটনি নহয়, তাৰ বাবে সচেতন হৈছে চৰকাৰ তথা প্ৰশাসন ৷

কাছাৰ জিলাৰ বৰখলা প্রাথমিক স্বাস্থ্যকেন্দ্রত বিধায়ক পুঁজিৰ ধনৰ পৰা অক্সিজেন কনচেণ্ট্ৰেটৰ(oxygen concentrator) প্ৰদান কৰিলে বিধায়ক মিছবাহুল ইছলাম লস্কৰে । সোমবাৰে জিলা উপায়ুক্ত কীর্তি জল্লীৰ উপস্থিতিত স্বাস্থ্যকর্মীসকলৰ হাতত তুলি দিয়া হয় এই অত‍্যাৱশ্যকীয় অক্সিজেন কনচেণ্ট্ৰেটৰ ।

পৰৱৰ্তী সময়ত বৰখলাবাসীৰ কাৰণে বিধায়ক পুঁজিৰ ধনেৰে এখন এম্বুলেঞ্চ প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে বিধায়ক লস্কৰে ।

লগতে পঢ়ক : ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.