ETV Bharat / state

আইপিএল খেলে কাল হ’ল যুৱকৰ

author img

By

Published : Apr 12, 2021, 9:21 PM IST

আইপিএল খেলে যেন কাল হ’ল এজন যুৱকৰ ৷ প্ৰিয় দল কেকেআৰৰ খেল চোৱাৰ বাবে টিভিৰ ডিছ এণ্টিনা ঠিক কৰিবলৈ গৈ চাদৰ পৰা পৰি মৃত্যু ঘটে যুৱকজনৰ ৷ এই কৰুণ ঘটনাটো সংঘটিত হৈছে কাছাৰ জিলাৰ ভাগা বনগ্ৰামত ৷ মৃত যুৱকজন ৩৫ বছৰীয়া ৰিংকু শীল ৷

one youth death regaring watching ipl match
আইপিএল খেলে কাল হ’ল যুৱকৰ

শিলচৰ,12 এপ্ৰিল: আইপিএল খেলে যেন কাল হ’ল এজন যুৱকৰ ৷ প্ৰিয় দল কেকেআৰৰ খেল চোৱাৰ বাবে টিভিৰ ডিছ এণ্টিনা ঠিক কৰিবলৈ গৈ চাদৰ পৰা পৰি মৃত্যু ঘটে যুৱকজনৰ ৷ এই কৰুণ ঘটনাটো সংঘটিত হৈছে কাছাৰ জিলাৰ ভাগা বনগ্ৰামত ৷ মৃত যুৱকজন ৩৫ বছৰীয়া ৰিংকু শীল ৷

ঘটনাৰ বিৱৰণী অনুসৰি, ৰিংকু শীল নামৰ যুৱকজনে দেওবাৰে সন্ধিয়া অনুষ্ঠিত কলকাতা নাইট ৰাইডাৰ্ছ আৰু চানৰাইজাৰ্ছ হায়দৰাবাদৰ মেচ উপভোগ কৰাৰ উদ্দেশ্যে ডিছ এণ্টিনা ঠিক কৰিবলৈ গৈ চাদত উঠে ৷ মুহুৰ্ততে দেৱাল ভাঙি ওপৰৰ পৰা মাটিত পৰি যায় ৰিংকু ৷ দেৱালখনে আহি ৰিংকুক হেঁচা মাৰি ধৰাত ঘটনাস্থলীতে মৃত্যু হয় যুৱকজনৰ ৷ পিছে স্থানীয় লোকসকলে যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ যুৱকজনৰ এনে মৃত্যুৰ পিছত সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰে ৷

লগতে পঢ়ক : বিহুৰ বন্ধ প্ৰত্যাহাৰক লৈ ক্ষুব্ধ ডাক কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.