ETV Bharat / state

সন্ধিয়া 7 বজাৰ 10 টা শীৰ্ষ বাতৰি - NEWS @ 7

সন্ধিয়া 7 বজাৰ 10 টা শীৰ্ষ বাতৰি

NEWS @ 7
সন্ধিয়া 7 বজাৰ 10 টা শীৰ্ষ বাতৰি
author img

By

Published : Jul 8, 2021, 7:05 PM IST

1.18 টা হাতীৰ মৃত্যুৰ তদন্ত কৰিব খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নগাঁৱৰ তপত জুৰিত ১৮ টাকৈ হাতীৰ মৃত্যু হোৱা ঘটনাৰ আজিও নহ’ল উচ্চ পৰ্যায়ৰ কোনো তদন্ত । বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ কৰ্মদক্ষতাক প্ৰশ্ন খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । হাতীৰ মৃত্যুৰ তদন্ত নিজেই কৰিব মুখ্যমন্ত্ৰীয়ে ।

2.বিয়াৰ ৰভা তলিৰ পৰা দৰা হ'লগৈ ৰঙা ঘৰৰ আলহী

বিয়া পাতি সোণৰ সংসাৰৰ সপোন দেখা দৰা হ'লগৈ ৰঙা ঘৰৰ আলহী । দিন বেয়া আছিল দৰাৰ । ৰভাতলীৰ পৰা আৰক্ষী চকী পালে দৰা । সাজি-কাঁচি দৰা উপস্থিত হৈছিল কইনাৰ ঘৰত ।

3.চামগুৰি আৰক্ষীৰ জালত পৰিল দুটাকৈ গভাইত চোৰ

বুধবাৰে নিশা চামগুৰি আৰক্ষীৰ জালত পৰিছে দুটাকৈ গভাইত চোৰ । চোৰ দুটা হৈছে বাজিয়াগাঁৱৰ আমজাদ আলী আৰু হজৰত আলী ৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চামগুৰি আৰক্ষীয়ে নিশা বাজিয়াগাঁৱত অভিযান চলাই চুৰি কম্পিউটাৰৰ এটা ছেটসহ আমজাদ আলী আৰু হজৰত আলী নামৰ দুজন ব্যক্তিক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ চুৰি কৰা সামগ্ৰীখিনি কিছুদিন পূৰ্বে চামগুৰি আৰক্ষী থানাৰ সমীপৰে পূৰ্ণিমা শইকীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে এই চুৰি ঘটনাৰ সন্দৰ্ভত চামগুৰি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

4.জুলাইত দেশে লাভ কৰিব 12 কোটিৰো অধিক ক'ভিড প্ৰতিষেধক

জুলাইৰ ভিতৰত প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে লাভ কৰিব 12 কোটিৰো অধিক ক'ভিড প্ৰতিষেধক ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সদৰী কৰিছে এই কথা ৷ এই পৰ্যন্ত প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে লাভ কৰিছে 2.19 কোটিৰো অধিক প্ৰতিষেধক ৷

5.মহিলাসকললৈ তেলেংগানাৰ পৰিবহণ নিগমৰ বিশেষ সুবিধাৰ ঘোষণা

এতিয়াৰে পৰা সন্ধিয়া ৭.৩০ বজাৰ পাছত যিকোনো স্থানতে তেলেংগানা ৰাজ্যিক পথ পৰিবহণ নিগম(Telangana State Road Transport Corporation)ৰ বাছত উঠিব পাৰিব মহিলা যাত্ৰীয়ে । মহিলা যাত্ৰীৰ সুৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যিক পথ পৰিবহণ নিগমে । সন্ধিয়া ৭.৩০ বজাৰ পাছত মহিলা যাত্ৰীয়ে যি স্থানতে বাছ ৰখাবলৈ অনুৰোধ জনায়, সেই স্থানতে বাছ ৰখাবলৈ চালক আৰু হেণ্ডিমেনক নিগমে নিৰ্দেশ দিছে ।

6.হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ দেহাৱসান

বৃহস্পতিবাৰে পুৱতি নিশা দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা বীৰভদ্ৰ সিঙৰ দেহাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 87 বছৰ । ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয়, আৰু চিকিৎসালয় (আইজিএমচি) ৰ চিকিৎসা অধীক্ষক ডাঃ জনক ৰাজে জনাইছিল যে দীৰ্ঘদিন ধৰি সিং চিকিৎসাধীন হৈ আছিল ।

7.বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ পুনঃযোগদানক লৈ তীব্ৰ চাঞ্চল্য

বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহত 12 বছৰীয়া বনকৰা শিশুক নিৰ্যাতন কৰাৰ অভিযোগত মৰাণ মহাবিদ্যালয়ৰ নিলম্বন হোৱা প্ৰাক্তন অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ পুনৰ মহাবিদ্যালয়ত যোগদান ৷ বৰ্তমানৰ অধ্যক্ষৰ অজ্ঞাতে মহাবিদ্যালয়ত উপস্থিত হৈ সোমবাৰে অধ্যক্ষৰ আসনত বহে বিতৰ্কিত ড৹ মিতালী কোঁৱৰ ৷ ঘটনাক লৈ জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ৷

8.ৰাসায়নিক সাৰৰ মূল্য নিয়ন্ত্ৰণৰ বাবে তৎপৰ ডিব্ৰুগড় প্ৰশাসন

ৰাসায়নিক সাৰৰ মূল্যবৃদ্ধিয়ে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে কৃষকৰ মাজত ৷ উপায়হীন হৈ পৰিছে কৃষকসকল ৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ডিব্ৰুগড় প্ৰশাসনে ৷

9.হোজাইত ১০ জুলাইত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় লোক আদালত

ৰাষ্ট্ৰীয় লোক আদালত (National Lok Adalat)ত মটৰ দুর্ঘটনা অভিযোগ ন্যায়াধীকৰণ, বিবাহ সংক্ৰান্তীয়, চেক বাউন্স, এন আই আইনৰ অধীনত, অৰ্থ পুনঃৰুদ্ধাৰ গোচৰ, শ্ৰমিক বিবাদ, ৰাজহুৱা উপযোগিতামূলক সেৱা (PUS) সম্পৰ্কীয়, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড(APDCL) , ভাৰত সঞ্চাৰ নিগম লিমিটেড (BSNL), বেংক সংক্ৰান্তীয় (Bank Related), অপৰাধমূলক মিশ্ৰিত গোচৰ (Crime)আৰু অন্যান্য অসামৰিক গোচৰ আদি নিস্পত্তি কৰা হ'ব ।

10.মোডী কেবিনেটত কোন মন্ত্ৰীৰ কি দপ্তৰ লাভ...

মোডী কেবিনেটত নতুন মুখ । বুধবাৰে শপত গ্ৰহণ কৰিলে কেইবাগৰাকীও নতুন মন্ত্ৰীয়ে । ইয়াৰ পাছতে ঘোষণা কৰা হয় দপ্তৰসমূহ । গৃহ মন্ত্ৰালয়ৰ উপৰিও সহযোগিতা মন্ত্ৰণালয়ৰ দায়িত্ব অৰ্পণ কৰা হৈছে অমিত শ্বাহক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.