ETV Bharat / state

Silchar News: আজৱ ! চিকিৎসকে মৃত ঘোষণা কৰা নৱজাতক জীৱিত হ’ল শ্মশানত - লাইফ লাইন

এইখন অসমৰে শিলচৰত সংঘটিত হৈছে এক আজৱ ঘটনা ৷ যি ঘটনাই এতিয়া বৰাকত সৃষ্টি কৰিছে চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ ৷ চিকিৎসকে মৃত বুলি ঘোষণা কৰা এটি নৱজাতক জীৱিত হৈ উঠিল শ্মশানত ৷ সৱিশেষ পঢ়ক...

Silchar News
Silchar News
author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 5:52 PM IST

মৃত ঘোষিত এটি সদ্যোজাত শিশু জীৱিত হৈ উঠিল শ্মশানত

শিলচৰ, ৪ অক্টোবৰ: চিকিৎসালয়ত মৃত ঘোষিত এটি সদ্যোজাত শিশু জীৱিত হৈ উঠিল শ্মশানত ৷ এইখন অসমৰে শিলচৰত ঘটিছে এই আজৱ ঘটনা । জন্মৰ পাছতে চিকিৎসকে মৃত বুলি ঘোষণা কৰা এটি নৱজাতকক শশ্মানলৈ নিয়াৰ পাছত হ’ল জীৱিত ৷

বৰাক উপত্যকাৰ শিলচৰৰ এখন বেচৰকাৰী চিকিৎসালয়ৰ আজৱকাণ্ডই এতিয়া হতচকিত কৰি তুলিছে সকলোকে ৷ এই ঘটনা সংঘটিত হৈছে শিলচৰ চহৰৰ লাইফ লাইন নামৰ নাৰ্চিং হোমখনত ৷ প্ৰসৱ বেদনাত শিলচৰ চাতলা ৰতনপুৰৰ এগৰাকী মহিলাক লাইফ লাইন নাৰ্ছিং হোমত মঙলবাৰে ভৰ্তি কৰোৱা হৈছিল ৷

নিশালৈ এগৰাকী কন্যা সন্তানৰ জন্ম দিয়ে মহিলাগৰাকীয়ে ৷ কিন্তু জন্মৰ পাছত সদ্যোজাত শিশুটিৰ মৃত্যু ঘটিছে বুলি চিকিৎসকে পৰিয়ালৰ সদস্যসকলক অৱগত কৰে ৷ সেই অনুসৰি শিশুটিৰ সৎকাৰ কৰিবলৈ বুধবাৰে আগবেলা শিলচৰ শ্মশানলৈ লৈ যায় পৰিয়ালৰ লোকসকলে ৷ কিন্তু মৃত ঘোষিত শিশুটিক শ্মশানলৈ লৈ যোৱাৰ পাছত ঘটিল এক আশ্চৰ্যজনক ঘটনা ।

সৎকাৰৰ ব্যৱস্থা কৰিবলৈ লওঁতেই হঠাৎ কান্দি উঠিল কণমানি শিশুটিয়ে ৷ লগে লগে শিশুটিক নাৰ্চিং হোমলৈ লৈ আনে পৰিয়ালৰ লোকে ৷ বৰ্তমানে শিশুটিক নাৰ্চিং হোমৰ আইচিইউত (ICU) ৰখা হৈছে ৷ এই ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে শিলচৰত ।

কি কয় নাৰ্চিংহোমখনৰ চিকিৎসকে:

আনহাতে ঘটনাৰ কথা স্বীকাৰ কৰিছে হাস্পতালখনৰ চিকিৎসক ডাঃ এ এফ নুমনে (DR. AF NUMAN)৷ চিকিৎসকৰগৰাকীয়ে জনোৱা মতে, মহিলা গৰাকী ছয় দিন শিলচৰ মেডিকেল কলেজত থকাৰ পাছত তেওঁৰ ওচৰলৈ আহিছিল । গৰ্ভত থকা সন্তানটি আছিল ছয় মাহৰ । সেয়ে অতি সংকটজনক অৱস্থাত আছিল শিশু আৰু মাতৃ দুয়ো ।

জন্মৰ পাছত শিশুটিৰ ওজন মাত্ৰ 500 গ্ৰাম আছিল ৷ পৰীক্ষা-নিৰীক্ষাৰ পাছত শিশুটিৰ হৃদস্পন্দন নাপাই চিকিৎসকে মৃত বুলি নিশ্চিত হৈছিল ৷ কিন্তু পিছত কেনেকৈ জীৱিত হ’ল তেঁওলোকে নিজেও ধৰিব পৰা নাই ৷ চিকিৎসকৰ বাবেও এয়া এতিয়া ৰহস্যৰ আৱৰ্তত ৷ বৰ্তমান শিশুটিৰ চিকিৎসা চলি আছে বুলি জনাইছে চিকিৎসক তথা হাস্পতাল কৰ্তৃপক্ষই ৷

লগতে পঢ়ক: Two child killed by mother : পাৰিবাৰিক কন্দলৰ ফলতে মাতৃয়ে দুই সন্তানক হত্যা কৰাৰ সন্দেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.