শিলচৰ, 2 মে': তৃতীয় পৰ্যায়ৰ লক্ ডাউন ঘোষণাৰ পিচতে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে শিলচৰৰ বিধায়ক দিলীপ পালে । সাংবাদিকৰে হোৱা বাৰ্তালাপত ৰাইজক উদ্দেশ্যি বিধায়ক গৰাকীয়ে লক্ ডাউন মানি চলিবলৈ আহ্বান জনায় । লগতে প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ পাৰ্যমানে অনুদান আগবঢ়াবলৈয়ো অনুৰোধ কৰে ।
ইয়াৰোপৰি সকলো ৰাইজকে আৰেগ্য সেঁতু এপ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায় বিধায়ক গৰাকীয়ে । লগতে অসমৰ বাহিৰত থকা লোকসকলক চৰকাৰে বিশেষভাৱে সুবিধা প্ৰদান কৰিব বুলিও উল্লেখ কৰে তেওঁ ।
লগতে পঢ়কঃ COVID 19 সন্দৰ্ভত ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক তথা সম্পাদকৰ স'তে বৈঠক মুখ্যমন্ত্ৰীৰ