ETV Bharat / state

কাছাৰৰ দক্ষিণ কৃষ্ণপুৰত ভয়ংকৰ অগ্নিকাণ্ড - অগ্নিকাণ্ড

টেংকাৰৰ পৰা তেল চুৰি কৰাৰ সময়তে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷ অগ্নিকাণ্ডৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷ এটা পেট্ৰ’ল পাম্পৰ সম্মুখতেই সংঘটিত হৈছে এই ঘটনা ৷

কাছাৰ জিলাৰ সোনাই দক্ষিণ কৃষ্ণপুৰত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Mar 16, 2021, 10:54 PM IST

কাছাৰ,16 মাৰ্চঃ কাছাৰ জিলাৰ সোণাইৰ দক্ষিণ কৃষ্ণপুৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত ৷ নিজাম উদ্দিন নামৰ এজন লোকৰ ঘৰৰ চৌহদত দাউ-দাউকৈ জ্বলি উঠিল এখন তেল ভৰ্তি টেংকাৰ ৷ উল্লেখযোগ্য যে, টেংকাৰখনৰ পৰা তেল চুৰি কৰাৰ সময়তে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷ অগ্নিকাণ্ডৰ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷ মন কৰিবলগীয়া যে, এটা পেট্ৰ’ল পাম্পৰ সম্মুখতেই সংঘটিত হৈছে এই ঘটনা ৷

ইপিনে জুই নিয়ন্ত্ৰণৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ বাবে কেইবাখন বাহন উপস্থিত হৈ কেইবাঘণ্টা নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ আনহাতে অগ্নি নিৰ্বাপক বাহিনীয়ে সময়মতে জুই নিয়ন্ত্ৰণ কৰাৰ বাবে সমগ্ৰ অঞ্চল ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিছে ৷

অভিযোগ মতে, নিজাম উদ্দিন নামৰ লোকজনৰ বাসগৃহত দীৰ্ঘদিনৰ পৰা তেলৰ অবৈধ ব্যৱসায় চলাই আহিছিল ৷ মঙলবাৰে তেল ভৰ্তি টেংকাৰখনৰ পৰা তেল চুৰি কৰাৰ সময়তেই এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ চাবুৱাত পোনাকণ বৰুৱাৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.