ETV Bharat / state

কাছাৰত ক’ভিড নীতিক লৈ কঠোৰ জিলা প্ৰশাসন

কাছাৰ জিলা প্ৰশাসনে কাটিগড়াৰ চক্ৰ বিষয়া প্ৰাণজিত দাসে কিছুমান দোকান ছীল কৰাৰ লগতে লক ডাউন ভংগ কৰি মটৰ-বাইক চলোৱা আৰোহীক জৰিমনা বিহে ৷

author img

By

Published : May 15, 2021, 2:16 PM IST

কাছাৰত ক’ভিড নীতিক লৈ কঠোৰ জিলা প্ৰশাসন
কাছাৰত ক’ভিড নীতিক লৈ কঠোৰ জিলা প্ৰশাসন

শিলচৰ,15 মে’: ৰাজ্যখনত ক’ভিড-19 ৰ গণ সংক্ৰমণ জটিলতাৰ দিশে আগবাঢ়িছে ৷ ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰৰ পৰা সমগ্ৰ অসমৰ লগতে কাছাৰতো বলৱৎ হৈছে ক’ভিড-19 ৰ নতুন নীতি-নিৰ্দেশনা ৷ ইয়াৰ ফলত কঠোৰ হৈছে কাছাৰ জিলা প্ৰশাসন ৷ কাছাৰ আৰক্ষীয়ে লক ডাউন কঠোৰভাৱে পালন কৰাৰ মাইকযোগে ব্যাপক প্ৰচাৰ চলাই যদিও একাংশ অসাধু ব্যৱসায়ীয়ে প্ৰশাসনৰ পৰা লুকুৱাই ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে ৷

এই সন্দৰ্ভত কাটিগড়াৰ চক্ৰ বিষয়া প্ৰাণজিত দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কিছুমান দোকান ছীল কৰাৰ লগতে লক ডাউন ভংগ কৰি মটৰ-বাইক চলোৱা আৰোহীক জৰিমনা বিহে ৷ উল্লেখ্য যে, লক ডাউনৰ প্ৰভাৱত বৰাকৰ জনজীৱন একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে । দোকান-বজাৰ বন্ধ হোৱাত চহৰখন সম্পূৰ্ণৰূপে নিস্তব্ধ হৈ পৰে ।

লগতে পঢ়ক: জোনাইত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.