ETV Bharat / state

হাইলাকান্দিৰ বৰ্ণিপাৰত পথ নিৰ্মাণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ - hailakandi news

হাইলাকান্দি জিলাৰ আলগাপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত মোহনপুৰ বৰ্ণিব্ৰিজ গাঁও পঞ্চায়তৰ বৰ্ণিপাৰ অঞ্চলত পথ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৷ বৰ্ণিব্ৰিজ গাঁও পঞ্চায়তৰ সচিবৰ বিৰুদ্ধে পথচোৱাৰ নিৰ্মাণৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰি মঙলবাৰে অঞ্চলটোৰ অৰ্ধ শতাধিক পুৰুষ-মহিলাই সাব্যস্ত কৰে প্ৰতিবাদ ৷

local-public-protest-against-road-construction-corruption
হাইলাকান্দিৰ বৰ্ণিপাৰত পথ নিৰ্মাণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : May 12, 2021, 4:26 PM IST

কাছাৰ,12 মে’: হাইলাকান্দি জিলাৰ আলগাপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত মোহনপুৰ বৰ্ণিব্ৰিজ গাঁও পঞ্চায়তৰ বৰ্ণিপাৰ অঞ্চলত পথ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ৷ বৰ্ণিপাৰৰ অঞ্চলৰ ৰাইজৰ যাতায়াতৰ বাবে বিশেষ গুৰুত্ব বহন কৰা পথটোৰ নিৰ্মাণৰ বাবে পাঁচ লাখ টকা আৱণ্টন দিয়া হৈছিল ৷ কেৱল ফলক আঁৰি দুদিনমান কাম কৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে ৷

হাইলাকান্দিৰ বৰ্ণিপাৰত পথ নিৰ্মাণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ

মঙলবাৰে অঞ্চলটোৰ অৰ্ধ শতাধিক পুৰুষ-মহিলাই পথচোৱাৰ নিৰ্মাণৰ নামত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ৷ স্থানীয় ৰাইজে বৰ্ণিব্ৰিজ গাঁও পঞ্চায়তৰ সচিবৰ বিৰুদ্ধে পথচোৱাৰ নিৰ্মাণৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷ ইতিমধ্যে অঞ্চলটোৰ ৰাইজে উক্ত দুৰ্নীতিৰ উচিত তদন্ত বিচাৰি হাইলাকান্দি জিলা প্ৰশাসনৰ লগতে খণ্ড উন্নয়ন বিষয়াক স্মাৰকপত্ৰ প্ৰদান কৰিছে ৷

লগতে পঢ়ক : টীম হিমন্তই আশীষ ল'লে সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.