কাছাৰ,22 জুন: সমাগত 2021 চনৰ অসম বিধানসভাৰ নিৰ্বাচন ৷ আগন্তুক বিধানসভাৰ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে কাছাৰ জিলাৰ কাটিগড়া সমষ্টিৰ ফুলবাড়ী শ্ৰীপুৰ গাঁৱবাসীয়ে ৷ গাঁৱবাসীৰ অভিযোগ অনুসৰি,প্ৰায় বিশ সহস্ৰাধিক লোকে বসবাস কৰা গাঁৱখনৰ প্ৰতিক্ষেত্ৰতে উন্মোচিত হৈ আহিছে উন্নয়নৰ ফোঁপোলা স্বৰূপ ৷
স্বাধীনতাৰ পিছৰ পৰা আজিকোপতি গাঁৱখনত হোৱা নাই কোনো উন্নয়নমূলক কাম যাৰ ফলত দুৰ্ভোগ ভূগিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷ বিশেষকৈ পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভোগা ৰাইজে জৰাজীৰ্ণ দলঙেৰে অব্যাহত ৰাখিছে যাতায়াত ৷ এইক্ষেত্ৰত বহুবাৰ স্থানীয় বিধায়ক অমৰ চান্দ জৈনৰ লগতে বিভাগীয় কৰ্তৃপক্ষক ৰাইজে অৱগত কৰে যদিও লাভ কৰা নাই কোনো সুফল ৷ ইয়াৰ লগতে ৰাইজে আক্ষেপেৰ কয় যে,নিৰ্বাচন আহিলেহে জন প্ৰতিনিধিসকলে ভিৰ কৰা গাঁৱখনত নিৰ্বাচন পাৰ হ’লে কোনো খবৰ নাথাকে এইসকল প্ৰতিনিধিৰ ৷ সেয়ে আগন্তুক 2021 ৰ অসম বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে ফুলবাড়ী শ্ৰীপুৰবাসীয়ে ৷ বিষয় সন্দৰ্ভত গাঁৱবাসীয়ে জিলা উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰদানৰ কথা সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷
লগতে চাওকঃ ধুবুৰীত কোৱাৰেণ্টাইন কেন্দ্ৰত আত্মহত্যা এজনৰ