ETV Bharat / state

কাছাৰৰ এম.ভি.আই চেক পইণ্টত অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ - অভিযোগ

দুদিন পূৰ্বে কাছাৰৰ লাইলাপুল এম.ভি.আই চেক পইণ্টত অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগত 5 জন যুবকক আটক কৰিছিল আৰক্ষীয়ে ৷ দীৰ্ঘদিন ধৰি একাংশ স্থানীয় যুৱকে ট্ৰাক চালকসকলৰ পৰা বলপূৰ্বকভাৱে 2000ৰ পৰা 5000 টকা আদায় কৰা বুলি আৰক্ষীয়ে অভিযোগ লাভ কৰিছিল ৷ অৱশ্যে শুকুৰবাৰে দুপৰীয়া আটকাধীন 5 জন যুৱকে ব্যক্তিগত জামিন লাভ কৰে ৷

Illigel money collection in MV cheak point at Cachar
কাছাৰৰ এম.ভি.আই চেক পইণ্টত অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ
author img

By

Published : Sep 19, 2020, 9:07 AM IST

কাছাৰ, 19 ছেপ্তেম্বৰ: কাছাৰৰ লাইলাপুল এম.ভি.আই চেক পইণ্টত দুদিন পূৰ্বে অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগত 5 জন যুবকক আটক কৰিছিল আৰক্ষীয়ে ৷ জানিব পৰা মতে, দীৰ্ঘদিন ধৰি একাংশ স্থানীয় যুৱকে ইডিৰ সহায়ত ট্ৰাক চালকসকলৰ পৰা বলপূৰ্বকভাৱে 2000ৰ পৰা 5000 টকা আদায় কৰা বুলি আৰক্ষীয়ে অভিযোগ লাভ কৰিছিল ৷

অভিযোগৰ ভিত্তিত নাজনীন ৱেট ব্ৰীজৰ লগতে লাইলাপুল এম.ভি.আই চেক পইণ্টত আৰক্ষীয়ে 5 জন যুৱকক আটক কৰি ধলাই থানালৈ লৈ যায় ৷ ইফালে, যুৱক কেইজনক আটক কৰাৰ পাচত স্থানীয় ট্ৰাক ড্ৰাইভাৰ সন্থাই 10 জন লোকৰ বিৰুদ্ধে ধলাই থানাত এক গোচৰ ৰুজু কৰে ৷

কাছাৰৰ এম.ভি.আই চেক পইণ্টত অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ

ড্ৰাইভাৰসকলে নাজনীন ৱেইট ব্ৰীজৰ স্বত্বাধিকাৰী ৰাজীৱ উদ্দিন লস্কৰ, দিলোৱাৰ হুছেইন লস্কৰ, নজৰৱল ইছলাম, জশু ৰয় আৰু ৰনু ৰয় সহ 10 জন লোকে ভীতি প্ৰদৰ্শন কৰি ট্ৰাকসমূহৰ পৰা প্ৰায় 5000 টকাকৈ আদায় কৰাৰ বুলি অভিযোগ উত্থাপন কৰে ৷ অ’ভাৰ লোড কৰা পৰিবহনকাৰী ট্ৰাকসমূহৰ বাবে জৰিমনা বিহি অবৈধ ধন সংগ্ৰহ বন্ধ কৰাৰো দাবী জনাইছে চালক সন্থাই ৷

অৱশ্যে, শুকুৰবাৰে দুপৰীয়া আটকাধীন 5 জন যুৱকক ব্যক্তিগত জামিনত মোকলাই দিয়ে আৰক্ষীয়ে ৷

লগতে পঢ়ক: বাঘজানৰ ক্ষতিপূৰণৰ প্রাপ্য অধিকাৰ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.