ETV Bharat / state

শিলচৰৰ অংগনবাদী কেন্দ্ৰত শিশু খাদ্য় কেলেংকাৰী

author img

By

Published : May 4, 2020, 10:57 PM IST

কাছাৰৰ লক্ষীপুৰৰ বেৰেংগা দ্বিতীয় খণ্ডৰ অন্তৰ্গত ২৫৫ নং অংগনবাদী কেন্দ্রত শিশু খাদ্য কেলেংকাৰীৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ ৷ আইচিডিএছ আঁচনিৰ অধীনত মুকলি খাদ্যৰ ক্ষেত্ৰত সংঘটিত হয় এই কেলেংকাৰী ৷

শিশু খাদ্য় কেলেংকাৰী
শিশু খাদ্য় কেলেংকাৰী

শিলচৰ,4 মে’ঃ কাছাৰৰ লক্ষীপুৰৰ বেৰেংগা দ্বিতীয় খণ্ডৰ অন্তৰ্গত ২৫৫ নং অংগনবাদী কেন্দ্রত সংঘটিত হৈছে শিশু খাদ্য কেলেংকাৰী ৷ বিগত প্রায় 5 বছৰ পূৰ্বে স্থাপিত কাছাৰৰ উক্ত কেন্দ্ৰটোৰ কৰ্মচাৰী সানা বেগম চৌধুৰী বিবাহসূত্রে কাজিডহৰ এলেকাৰ বাসিন্দা হোৱাৰ পিছত কেন্দ্ৰটোৰ শিশুসকল বঞ্চিত হয় খাদ্য লাভৰ পৰা ৷ অংগনবাদী কেন্দ্রটোৰ বৰ্তমান কোনো নতুন কমিটি গঠন নোহোৱাৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ । পূৰ্বৰ কৰ্মচাৰীগৰাকীৰ ঘৰৰ সদস্যসকলে এতিয়া মইমতালিৰে কেন্দ্ৰটো চলাই যোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে ৷ কৰ্মচাৰী গৰাকীৰ ভাতৃয়ে চৰকাৰে লক্​ ডাউনৰ বাবে কেন্দ্রটোলৈ সাহায্য হিচাপে আগবঢ়োৱা সকলো সামগ্ৰী ব্যক্তিগতভাৱে ব্যৱহাৰ কৰে ৷ স্থানীয় ৰাইজে বাৰম্বাৰ অভিযোগ কৰাৰ পিছত সানাৰ ভাতৃয়ে শিশুসকলক কিছু নিম্নমানৰ সামগ্ৰী যোগান ধৰে ৷

শিশু খাদ্য় কেলেংকাৰী

লগতে চাওকঃ বিটিচিত ৰাজ্যপালৰ শাসনক আদৰণি নৱ শৰণীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.