ETV Bharat / state

শিলচৰ মেডিকেল কলেজ চিকিৎসালয় পৰিদৰ্শন হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Mar 26, 2020, 5:52 PM IST

বৃহস্পতিবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিলচৰ মেডিকেল কলেজ চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনত কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা উপলব্ধ আছে বুলি জানিবলৈ দিয়ে ৷

শিলচৰ মেডিকেল কলেজ চিকিৎসালয়
শিলচৰ মেডিকেল কলেজ চিকিৎসালয়

শিলচৰ, 26 মাৰ্চঃ শিলচৰ মেডিকেল কলেজ চিকিৎসালয় পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ চিকিৎসালয়খন পৰিদৰ্শন কৰি কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা চিকিৎকালয়খনত উপলব্ধ আছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷ চিকিৎসালয়খনত উপস্থিত তেওঁ আজি চিকিৎসালয়খনত চিকিৎসককে ধৰি কৰ্মৰত বিভিন্ন পৰ্যায়ৰ লোকৰ সৈতে এক বৈঠকত মিলিত হয় ৷

শিলচৰ মেডিকেল কলেজ চিকিৎসালয় পৰিদৰ্শন হিমন্ত বিশ্ব শৰ্মাৰ

ইয়াৰোপৰি তেওঁ জানিবলৈ দিয়ে যে, শিলচৰ চহৰৰ বিভিন্ন স্থানত থকা বেচৰকাৰী চিকিৎসালয়বোৰৰ সৈতে চুক্তি কৰি মেডিকেল কলেজ খনত ভৰ্তি হৈ থকা ৰোগীসকলক স্থানান্তৰ কৰি শিলচৰ মেডিকেল কলেজ চিকিৎসালয়খন সম্পূৰ্ণভাৱে জটিল পৰিস্থিতিৰ বাবে সাজু কৰি ৰখা হ'ব ৷

লগতে পঢ়কঃ কৰ'ণা ভাইৰাছ আৰু ধুবুৰীৰ পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.