ETV Bharat / state

Assam floods: সপ্তাহটোৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে বৰাকৰ বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ - Himanta Biswa Sarma in Barak valley

এটা সপ্তাহৰ ভিতৰত দুবাৰকৈ শিলচৰৰ বানপৰিস্থিতি পৰ্যবেক্ষণ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বৃহস্পতিবাৰে আকাশমাৰ্গৰে কাছাৰৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ পাছত দেওবাৰে নাৱেৰে শিলচৰৰ বানপীড়িত এলেকা পৰিভ্ৰমণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Himanta Biswa Sarma in Silchar)৷

Assam floods
দ্বিতীয়বাৰৰ বাবে বৰাকৰ বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
author img

By

Published : Jun 26, 2022, 10:00 PM IST

নিউজ ডেস্ক, 26 জুন: চাৰিটা দিনৰ ভিতৰতে বান পৰিস্থিতিৰ বুজ ল’বলৈ বৰাকত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma in Barak valley)৷ দেওবাৰে শিলচৰ চহৰৰ বান পৰিস্থিতিৰ বুজ লৈ স্থানীয় প্ৰশাসন আৰু উদ্ধাৰ অভিযানত ন্যস্ত লোকসকলক ভূয়সী প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

কাছাৰ জিলাৰ সদৰ তথা ৰাজ্যৰ দ্বিতীয় বৃহত্তম নগৰ শিলচৰৰ বৃহৎ অংশ যোৱা সোমবাৰৰ পৰা 5ৰ পৰা 8 ফুট পৰ্যন্ত পানীৰ তলত আছে ৷ দেওবাৰে বৰাক নদী পানীৰে উপচি পৰাৰ পাছত বান পৰিস্থিতিয়ে অধিক জটিল ৰূপ ধাৰণ কৰে (Flood in Silchar)৷

দ্বিতীয়বাৰৰ বাবে বৰাকৰ বান পৰিস্থিতি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

উল্লেখ্য যে, বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আকাশমাৰ্গেৰে জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱা লোৱাৰ পাছত বৰাক উপত্যকা, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ শীৰ্ষ বিষয়াসসকলৰ সৈতে আলোচনাত মিলিত হৈছিল ৷

দেওবাৰে শিলচৰৰ কেইবাটাও প্লাবিত অঞ্চল নাঁৱেৰে পৰিভ্ৰমণ কৰাৰ কালত মুখ্যমন্ত্ৰীগৰাকীক উপায়ুক্ত কীৰ্তি জাল্লিয়ে সংগ দিয়ে (Cachar district DC) ৷ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, যদিহে পুনৰ বৰষুণ নাহে তেন্তে আগন্তুক 48 ঘণ্টাত শিলচৰৰ বান পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব ৷

লগতে পঢ়ক: ৰাইজে মেৰামতি কৰিলে বানত বিধ্বস্ত পথ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.