কাছাৰ, 3 আগষ্ট: কাছাৰ জিলাৰ ধলাই-মিজোৰাম আন্তঃৰাজ্যিক সীমান্তত দেওবাৰে নিশা বন বিভাগে অভিযান চলাই জব্দ কৰে 3 লাখ টকাৰ চেগুণ কাঠ ৷
মিজোৰামৰ পৰা ট্ৰাকেৰে বদৰপুৰলৈ লৈ যোৱাৰ সময়তে ধলাই ৰেঞ্জৰ বিষয়া দিব্যজ্যোতি দেউৰী,লায়লাপুৰ ৰেঞ্জৰ বিষয়া উত্তম দায় আৰু এএফবিএফ জওয়ান ৰেঞ্জৰ কৰ্মচাৰীৰ সহযোগিতাত লায়লাপুৰ পথত জব্দ কৰা হয় কাঠখিনি ৷
উক্ত ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত বদৰপুৰ বাদে মহাকল গাঁৱৰ আহমেদ আলী নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে বন বিভাগে ৷