ETV Bharat / state

শিলচৰত মীন বিভাগে আৰম্ভ কৰিলে মাছৰ হোম ডেলিভাৰী সেৱা

এতিয়াৰে পৰা বজাৰলৈ নোযোৱাকৈয়ে ঘৰৰ পৰাই মাছ ক্ৰয় কৰিব পাৰিব শিলচৰবাসীয়ে । শিলচৰত ৰাজ্য চৰকাৰৰ মীন বিভাগে আৰম্ভ কৰিছে মাছৰ হোম ডেলিভাৰী সেৱা । 'মাছেৰ মজলিছ' নামেৰে শিলচৰস্থিত মীন বিভাগৰ কাৰ্যালয়ত মাছৰ খুচৰা বিক্ৰী কাউন্টাৰ খুলিছে মীন বিভাগে ৷

শিলচৰত মীন বিভাগে আৰম্ভ কৰিলে মাছৰ হোম ডেলিভাৰী সেৱা
শিলচৰত মীন বিভাগে আৰম্ভ কৰিলে মাছৰ হোম ডেলিভাৰী সেৱা
author img

By

Published : Jan 29, 2021, 3:11 PM IST

শিলচৰ, ২৯ জানুৱাৰী: শিলচৰত মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে 'মাছেৰ মজলিছ' । 'মাছেৰ মজলিছ' হৈছে শিলচৰস্থিত মীন বিভাগৰ কাৰ্যালয়ত খোলা মাছৰ এটা খুচৰা বিক্ৰী কাউন্টাৰ । এই কাউণ্টাৰটোৰ জৰিয়তে মাছৰ হোম ডেলিভাৰী সেৱা আগবঢ়োৱা হ'ব । মাত্ৰ এবাৰ ফোন কৰি ঘৰতে পছন্দৰ মাছ লাভ কৰিব গ্ৰাহকে । এই খুচৰা কাউণ্টাৰত বাহু, চিতল, খলিহনা, বৰালি, ৰৌ, আৰি, লিঠা আদিকে ধৰি স্থানীয় সকলো ধৰণৰ মাছ উপলব্ধ হ'ব ।

শিলচৰত মীন বিভাগে আৰম্ভ কৰিলে মাছৰ হোম ডেলিভাৰী সেৱা

মীন বিভাগে মুকলি কৰা 8876411355 নম্বৰত ফোন কৰি গ্ৰাহকে অৰ্ডাৰ দিব পাৰিব ৷ ঘৰত বহি গ্ৰাহকে সুলভ মূল্যৰ মাছ কিনিব পাৰিব ৷ প্ৰাথমিকভাৱে তিনিজন ব্যবসায়ীক মাছ হোম ডেলিভাৰী দিয়াৰ বাবে মীন বিভাগৰ তৰফৰ পৰা তিনি খন বাইক আৰু এখন গাড়ী দিয়া হৈছে ৷ ৰাইজৰ সুবিধাৰ বাবে এনে ব্যৱস্থা হাতত লোৱা হৈছে বুলি জনাইছে মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

লগতে তেওঁ কয় যে, ইয়াৰ জৰিয়তে ৰাইজে সঠিক মূ্ল্যত মাছ ক্ৰয় কৰিব পাৰিব ৷ কিয়নো ইয়াত মধ্যভোগীৰ হস্তক্ষেপ নাথাকিব । 'মাছেৰ মজলিছ'ৰ উদ্বোধনী অনুষ্ঠানত ফিছফেডৰ পৰিচালনা সঞ্চালক ড০ ধ্ৰুৱজ্যোতি শৰ্মা, ডিআইজি দিলীপ দে আৰু কাছাৰৰ জিলা উপায়ুক্ত কৃৰ্তি জল্লিৰ লগতে বিভাগীয় বিষয়াসকল ৷

লগতে পঢ়ক:সত্ৰনগৰী বৰপেটাত ভোৰতাল আৰু হোলীগীতৰ কৰ্মশালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.