শিলচৰ, 25 অক্টোবৰ: বৃহস্পতিবাৰে নিশা সংঘটিত অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল শিলচৰৰ ঘুংঘুৰত থকা পশু চিকিৎসালয়, ফাৰ্ম আৰু আবাসিক অঞ্চল। নিশা পশু চিকিৎসালয়খনৰ ওপৰেৰে যোৱা হাই ভল্টেজ বিদ্যুৎ পৰিবাহী তাঁৰৰ পৰা টুকুৰা টুকুৰকৈ জুইৰ শিখা পৰি থকাৰ ফলত পশু চিকিৎসালয়খনৰ কাষতে থকা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হাফিজ উদ্দিন লস্কৰৰ ঘৰত অগ্নিকাণ্ড সংঘটিত হয় ৷ অগ্নিকাণ্ডৰ ফলত হাফিজ উদ্দিন লস্কৰৰ বাসগৃহৰ লগতে সকলো সামগ্ৰী জলি ছাইত পৰিণত হয় । হাফিজ উদ্দিন লস্কৰে নিজৰ লগতে পৰিয়ালৰ সকলোৰে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও ঘৰৰ সকলো সামগ্ৰী পুৰি ভষ্মীভূত হয় ৷ সময় থাকোতেই অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱাৰ ফলত কথমপি ৰক্ষা পৰে পশু চিকিৎসালয়খন ৷
শিলচৰত ভয়ানক অগ্নিকাণ্ড: কথমপি ৰক্ষা পৰিল পশু চিকিৎসালয় - শিলচৰত ভয়ানক অগ্নিকাণ্ড
নিশা পশু চিকিৎসালয়খনৰ ওপৰেৰে যোৱা হাই ভল্টেজ বিদ্যুতৰ তাঁৰৰ পৰা টুকুৰা-টুকুৰকৈ জুইৰ শিখা পৰি থকাৰ ফলত পশু চিকিৎসালয়খনৰ কাষতে থকা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হাফিজ উদ্দিন লস্কৰৰ ঘৰত অগ্নিকাণ্ড সংঘটিত হয় ৷
শিলচৰ, 25 অক্টোবৰ: বৃহস্পতিবাৰে নিশা সংঘটিত অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল শিলচৰৰ ঘুংঘুৰত থকা পশু চিকিৎসালয়, ফাৰ্ম আৰু আবাসিক অঞ্চল। নিশা পশু চিকিৎসালয়খনৰ ওপৰেৰে যোৱা হাই ভল্টেজ বিদ্যুৎ পৰিবাহী তাঁৰৰ পৰা টুকুৰা টুকুৰকৈ জুইৰ শিখা পৰি থকাৰ ফলত পশু চিকিৎসালয়খনৰ কাষতে থকা অৱসৰপ্ৰাপ্ত কৰ্মচাৰী হাফিজ উদ্দিন লস্কৰৰ ঘৰত অগ্নিকাণ্ড সংঘটিত হয় ৷ অগ্নিকাণ্ডৰ ফলত হাফিজ উদ্দিন লস্কৰৰ বাসগৃহৰ লগতে সকলো সামগ্ৰী জলি ছাইত পৰিণত হয় । হাফিজ উদ্দিন লস্কৰে নিজৰ লগতে পৰিয়ালৰ সকলোৰে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও ঘৰৰ সকলো সামগ্ৰী পুৰি ভষ্মীভূত হয় ৷ সময় থাকোতেই অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱাৰ ফলত কথমপি ৰক্ষা পৰে পশু চিকিৎসালয়খন ৷
যোৱা ৰাতি বড় দুৰ্ঘটনাৰ পৰা ৰক্ষা পালে শিলচৰৰ ঘুংঘুৰত থকা ভেটেৰিনাৰি হাচপাতাল, ফাৰ্ম আৰু আবাসিক অঞ্চল। জানিব পৰা গৈছে, ভেটেৰিনাৰিৰ উপৰ দি গৈ থকা হাই ভল্টেজ বিদ্যুতৰ লাইনৰ পৰা স্পাৰ্কিং কৰি কৰি টুকুৰা টুকুৰকৈ জুই ৰাতি পড়ি আছিল। এনে জুই পড়ি অৱসৰ প্ৰাপ্ত ভেটেৰিনাৰি কৰ্মী হাফিজ উদ্দিন লস্কৰৰ ঘৰত জুই লাগি ঘৰৰ লগতে ঘৰত থকা সকলো সামগ্ৰী জ্বলি ছাই হৈ পৰিছে। ঘৰত জুই লাগিছে চাই ঘৰত থকা মানুহ পঠতকৈ ওলাই আহি নিজৰ প্ৰান বচাবলৈ সক্ষম হলেও একো বয়বস্তু ৰক্ষা কৰিব পৰা নাই। Conclusion:ঘৰৰ ওচৰত থকা এখন অটো ৰিক্সা জ্বলি গৈছে।