ETV Bharat / state

শিলচৰৰ ৰেড লাইট এলেকাত অত্যাৱশ্যকীয় সামগ্ৰীৰ বিতৰণ - শিলচৰৰ ৰেড লাইট এলেকা

মহামাৰী কৰ’ণাৰ সময়ত উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে শিলচৰৰ ৰেড লাইট এলেকাৰ লোকসকলৰ ৷ সেয়ে, কাছাৰ জিলা লীগেল চাৰ্ভিছ কৰ্তৃপক্ষৰ উদ্যোগত অসহায় লোকসকলৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীৰ টোপোলা বিতৰণ ৷

essential-commudities-distributes-among-red-light-families-by-cacher-district-legal-service-authority
শিলচৰৰ ৰেড লাইট এলেকাত অত্যাৱশ্যকীয় সামগ্ৰীৰ বিতৰণ
author img

By

Published : May 31, 2021, 5:16 PM IST

Updated : Jun 20, 2021, 7:10 AM IST

কাছাৰ, 31 মে': শিলচৰৰ 'ৰেড লাইট' এলেকাত কাছাৰ জিলা লীগেল চাৰ্ভিছ কৰ্তৃপক্ষৰ উদ্যোগত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ । মহামাৰী কৰ’ণাৰ সময়ত শিলচৰ ৰেড লাইট এলেকাৰ মহিলাসকলৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰাৰ ফলত উক্ত অঞ্চলত বাস কৰা পৰিয়ালসমূহ যথেষ্ট অসুবিধাত পৰাৰ কথা বিভিন্ন মাধ্যমত প্ৰচাৰ হৈছিল ৷

শিলচৰৰ ৰেড লাইট এলেকাত অত্যাৱশ্যকীয় সামগ্ৰীৰ বিতৰণ

ইয়াৰ পাচতে জিলা লীগেল চাৰ্ভিছ কৰ্তৃপক্ষ কাছাৰ জিলা সমিতিৰ বিষয়াসকলে বিভিন্ন মাধ্যমত প্ৰচাৰিত বাতৰিৰ জৰিয়তে এইসকল লোকৰ দুৰ্দশাৰ কথা জানিব পাৰি সহায় কৰিবলৈ আগবাঢ়ি আহিছিল ৷ উল্লেখ্য যে, ৰেড লাইট অঞ্চলত বাস কৰা অসহায় লোকসকলৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা আইনী সেৱা কৰ্তৃপক্ষ কাছাৰ জিলাৰ দ্বাৰা স্থানীয় প্ৰশাসনৰ সহযোগত শনিবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে শিশুসকলৰ মাজত গাখীৰ আৰু বিস্কুট বিতৰণ কৰা হয় ।

লগতে পঢ়ক: পুনৰ ৩.৮ প্ৰাবল্যৰ ভূমিকম্পই কঁপালে ৰাজ্য

Last Updated : Jun 20, 2021, 7:10 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.