ETV Bharat / state

বিশ্বনাথৰ ঘটনাৰ পৰা শিক্ষা নাপালে শক্তি বিভাগে - kachar

বিশ্বনাথত কৰ্মৰত অৱস্থাত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এজন বিদ্যুৎ কৰ্মীৰ মৃত্যু হোৱাৰ পাছত সোমবাৰে নিশা পুনৰ কাছাৰৰ বৰখলাত সংঘটিত হৈছে অনুৰূপ ঘটনা

বিশ্বনাথৰ ঘটনাৰ পৰা শিক্ষা নাপালে বিদ্যুৎ বিভাগে
author img

By

Published : Jul 9, 2019, 10:21 AM IST

Updated : Jul 9, 2019, 11:47 AM IST

কাছাৰ, 9 জুলাইঃ গাফিলতিয়ে লগ এৰা নাই শক্তি বিভাগক ৷ বিশ্বনাথত কৰ্মৰত অৱস্থাত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এজন বিদ্যুৎ কৰ্মীৰ মৃত্যু হোৱাৰ পাছত কালি নিশা পুনৰ কাছাৰৰ বৰখলাত সংঘটিত হৈছে অনুৰূপ ঘটনা ৷ ঘটনা অনুসৰি বদৰ উদ্দিন নামৰ এগৰাকী অস্থায়ী বিদ্যুৎ কৰ্মীয়ে কম উচ্চতাত থকা 11 হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত কাম কৰি থাকোতেই হঠাৎ তাঁৰডালেদি বিদ্যুৎ প্ৰৱাহ হোৱাত ব্যক্তি জনৰ মৃত্যু হয় ৷ শক্তি বিভাগৰ গাফিলতিৰ বাবেই এনেদৰে ব্যক্তি জনৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে ৷ লগতে শক্তি বিভাগৰ এনে কাণ্ডজ্ঞানহীনতাৰ বাবে আৰু কিমান লোকৰ মৃত্যু হ'ব লাগিব বুলিও ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বিদ্যুৎ কৰ্মীৰ মৃত্যু

Intro:Body:কাছাৰৰ বৰখলাত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এগৰাকী অস্থায়ী বিদ্যুৎ কৰ্মীৰ কৰুণ মৃত্যু। মৃত কৰ্মীজনৰ নাম বদৰ উদ্দিন (২৮)৷জানিব পৰা মতে ৰাতি ৭-৩০ বাজতে কম উচ্চতাত থকা ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাৰত কামত থকা অবস্থাত তাৰ খনত বিদ্যুত আই যাওঁতে তেওঁৰ কৰ্মীজনৰ মৃত্যু হয় । বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে তেওৰ মৃত্যু হোৱাৰ অভিযোগ স্থানীয়৷এতিয়ালৈকে ঘটনাৰ কাৰণে ৰাইজৰ মাজত উত্তেজনা থকাৰ কাৰণে আৰক্ষী লাশ উদ্ধাৰ কৰিব পৰা নাই ৷Conclusion:
Last Updated : Jul 9, 2019, 11:47 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.