ETV Bharat / state

শিলচৰত মিজোৰামৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ - ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

মিজোৰাম চৰকাৰৰ ভূমিকাৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদকাৰীসকলৰ হুংকাৰ মিজোৰাম ভৱনত কাকোৱে প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ।

effigy burn of Zoramthanga
শিলচৰত মিজোৰামৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ
author img

By

Published : Jul 29, 2021, 11:23 AM IST

শিলচৰ, ২৯ জুলাই : অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰৰ (Lailapur) ঘটনাকলৈ উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য । অসমৰ বিভিন্ন ঠাইত দল-সংগঠনে মিজোৰাম আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে । মিজোৰাম আৰক্ষী আৰু দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীবৰ্ষণৰ ফলত অসম আৰক্ষীৰ ছয় গৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে এগৰাকী সাধাৰণ লোকৰ মৃত্যুক যেন কোনেও সহজভাৱে ল'ব পৰা নাই । সমগ্ৰ ঘটনাক ধিক্কাৰ দিয়াৰ লগতে দোষীক শাস্তিৰো দাবী জনাইছে বিভিন্নজনে ।

ইফালে শ্বহীদসকলৰ বাবেও ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে বিভিন্ন দল সংগঠনসমূহে । কাছাৰ জিলাতো দেখা গৈছে কেইবাটাও সংগঠনৰ প্ৰতিবাদ । লাইলাপুৰৰ ঘটনাক গৰিহণা দি তীব্ৰ আন্দোলন গঢ়ি তোলে কেইবাটাও সংগঠন তথা কাছাৰৰ সাধাৰণ ৰাইজে । মিজোৰাম চৰকাৰৰ ভূমিকাৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে ।

মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাৰ (Mizoram Chief Minister Zoramthanga) প্ৰতিকৃতিও দাহ কৰে প্ৰতিবাদকাৰীসকলে । কেৱল এয়াই নহয় শিলচৰত থকা মিজোৰাম ভৱনৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনসমূহে । বিভিন্ন ধৰণৰ প্লে'কাৰ্ড প্ৰদৰ্শনেৰে শিলচৰ চহৰ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । প্ৰতিবাদকাৰীসকলৰ হুংকাৰ মিজোৰাম ভৱনত কাকোৱে প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ।

মিজোৰামৰ কোনো লোকে ভৱনত থাকিব নোৱাৰিব বুলিও দাবী কৰে প্ৰতিবাদকাৰীসকলে । ইফালে মিজোৰাম ভৱনলৈ (Mizoram house) অহা সকলো বাট পথ অৱৰোধ কৰি দিয়াৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে । মুঠতে মিজোৰামৰ বিৰুদ্ধে এতিয়া অসমৰ সকলো প্ৰান্ততে ব্যাপক প্ৰতিবাদ আৰম্ভ হৈছে ।

লগতে পঢ়ক :সীমান্ত বিবাদকলৈ প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ দাবী জাকিৰ হুছেইন শিকদাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.