শিলচৰ,13 মে’: শিলচৰত মদ্যপান কৰোৱাই এগৰাকী যুৱতীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল কাছাৰৰ লক্ষীপুৰৰ পি কে দাস নামৰ এজন চিকিৎসক ৷ চিকিৎসক জনৰ বিৰুদ্ধে বলপূৰ্বকভাৱে মদ্যপান কৰোৱাই যুৱতী গৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উৎত্থাপিত হৈছে ৷ এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত সুনিতা দেৱী আৰু সুবোধ দাস নামৰ আন দুজনকো আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৷
ভুক্তভোগী যুৱতী গৰাকীয়ে আৰক্ষী চকীত দাখিল কৰা এজেহাৰ অনুসৰি, যোৱা 9 মে’ৰ আবেলি ধৃত সুনিতা দেৱী নামৰ মহিলাগৰাকীয়ে ভুক্তভোগী গৰাকীক ফুৰিবলৈ লৈ যোৱাৰ চলেৰে ঘৰৰ পৰা লৈ যায় ৷ অভিযোগ অনুসৰি, ঘৰৰ পৰা কিছুদূৰ যোৱাৰ পাচত হঠাৎ এখন গাড়ী আহি তেওঁলোকৰ সম্মুখত ৰখাই দিয়ে ৷ গাড়ী খনত পি কে দাস নামৰ চিকিৎসক জনৰ লগতে তেওঁৰ চালক সুবোধ দাস আছিল বুলি জানিব পৰা গৈছে ৷ তাৰ পাচতে গাড়ীত উঠাই ভুক্তভোগী গৰাকীক শিলচৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বৰ কালাইনৰ এখন হোটেললৈ নি লগত থকা মহিলা গৰাকী আৰু চিকিৎসক জনে ভুক্তভোগী যুৱতী গৰাকীক বলপূৰ্বকভাৱে মদ্যপান কৰোৱায় ৷
অভিযোগ অনুসৰি, মদ্যপান কৰোৱাই অচেতন অৱস্থাত যুৱতীগৰাকীক চিকিৎসক পি কে দাসে ধৰ্ষন কৰে ৷ ইয়াৰ পাচত চিকিৎসকজনে যুৱতী গৰাকীক অচেতন অৱস্থাত হোটেলৰ পৰা গাড়ীৰে পুনৰ শিলচৰ অভিমুখে আনি পথৰ কাষত পেলাই থৈ যায় ৷
পৰৱৰ্তী সময়ত যুৱতী গৰাকীয়ে শিলচৰ সদৰ আৰক্ষী চকীত উপস্থিত হৈ এই ঘটনাৰ সন্দৰ্ভত এক গোচৰ ৰুজু কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি, শিলচৰ আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে অভিযুক্ত চিকিৎসক পি কে দাসসহ তেওঁৰ চালক সুবোধ দাস আৰু সুনিতা দেৱী নামৰ মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷
লগতে পঢ়ক: পুৰনিগুদামত চাৰি চোৰাং কাঠ সৰবৰাহকাৰী আটক