কাছাৰ, 1 আগষ্ট: শনিবাৰে দুপৰীয়া বৰখলা সমষ্টিৰ অন্তৰ্গত পুৰন্দৰপুৰৰ জাতিংগা নদীত উদ্ধাৰ হয় এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ ৷ মহিলা গৰাকীৰ মৃতদেহ নদীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলবাসীৰ মাজত ৷ মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাচতে স্থানীয় লোকে এই বিষয়ে অৱগত কৰে বৰখলা আৰক্ষীক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত বৰখলা আৰক্ষীৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে মহিলা গৰাকীৰ মৃতদেহ ৷ মুখমণ্ডল সম্পূৰ্ণৰূপে উৱলি যোৱা মহিলাগৰাকীৰ মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰি প্ৰেৰণ কৰিছে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷
বৰখলাৰ জাতিংগা নদীত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ - জাতিংগা নদীত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ
বৰখলা সমষ্টিৰ অন্তৰ্গত পুৰন্দৰপুৰৰ জাতিংগা নদীত শনিবাৰে দুপৰীয়াৰ উপঙি থকা অৱস্থাত উদ্ধাৰ হয় এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ ৷
![বৰখলাৰ জাতিংগা নদীত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ অচিনাক্ত মহিলাৰ মৃতদেহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8259512-thumbnail-3x2-kk.jpg?imwidth=3840)