শিলচৰ,19জুলাইঃ কৰ‘ণাত আক্ৰান্ত হৈ শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱে আৰোগ্য লাভ কৰাত দেওবাৰে ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে চিকিৎসকে । উল্লেখযোগ্য যে তেওঁৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰা পিছতে শিলচৰৰ মেডিকেল কলেজত ভৰ্ত্তি কৰোৱা হৈছিল ।
দেওবাৰে তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠাত ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰাৰ পিছতেই নেত্ৰীগৰাকী এতিয়া কাছাৰ ক্লাৱত হ‘ম কোৱাৰেন্টাইনত থাকিব কিছু দিন । শিলচৰ মেডিকেল কলেজৰ পৰা ওলাই আহাৰ সময়তে সুস্মিতা দেৱে উল্লেখ কৰে যে কৰ‘না যোদ্ধা ডাক্তৰ সকল একোজন সৈনিকৰ দৰে কাম কৰি আছে । তেওঁ লগতে ডাক্তৰ তথা কৰ‘ণা যোদ্ধা সকলক ধন্যবাাদ জ্ঞাপন কৰাৰ লগতে যদিহে প্ৰযোজন হয় প্লাজমা দান কৰিব বুলি সদৰি কৰে ৷
লগতে পঢ়কঃ বিপিএফৰ প্ৰথমগৰাকী প্ৰতিনিধি কৰ’ণা ভাইৰাছত আক্ৰান্ত