কাছাৰ,27 ফেব্ৰুৱাৰী: শুকুৰবাৰে ভাৰ্চুৱেল মাধ্যমেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিলচৰস্থিত বৰাক উপত্যকাৰ মিনি সচিবালয় উদ্বোধন কৰে ৷ গুৱাহাচীৰ পৰা ভাৰ্চুৱেলী মুখ্যমন্ত্ৰী গৰাকীয়ে এই সচিবালয়টো উদ্বোধন কৰে ৷
মিনি সচিবালয় উদ্বোধন কৰাৰ উপৰিও কাছাৰৰ বহুকেইটা আঁচনিৰো শুভাৰম্ভ কৰে ৷ ভাৰ্চুৱেল উদ্বোধনী অনুষ্ঠানটোৰ অংশ হোৱাৰ উদ্দেশ্যে কাছাৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত উপায়ুক্ত কৃতি জল্লী, ডিআইজি দিলীপ দে, সাংসদ ৰাজদ্বীপ ৰয়, উপাধ্যক্ষ আমিনুল হক লস্কৰ আৰু বিধায়ক কিশোৰ নাথসহ অন্যান্য বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
উল্লেখ্য যে, মুখ্যমন্ত্ৰীগৰাকী নিজে উপস্থিত থাকি মিনি সচিবালয়টো উদ্বোধন কৰাৰ কথা আছিল যদিও নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত বৰাকত উপস্থিত নহৈ মুখ্যমন্ত্ৰী গৰাকীয়ে গুৱাহাটীৰ পৰাই সচিবালয়টো উদ্বোধন কৰে ৷
লগতে পঢ়ক: বৰচলা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দৌৰত কংগ্ৰেছ সভাপতি ৰিপুণ বৰা !