শিলচৰ, 20 নৱেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তত উলহ মালহৰ মাজেৰে ষট পূজা উদযাপন ৷ শিলচৰৰ বিভিন্ন অঞ্চলত বৰাক নদীৰ পানীত স্নান কৰি সূৰ্য দেৱতাক সেৱা জনোৱাৰ উদ্দেশ্যে ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় ৷

শুকুৰবাৰে শিলচৰৰ বিভিন্ন অঞ্চলত ধৰ্মীয় উৎসাহ উদ্দীপনাৰ মাজেৰে পৰিয়ালৰ সুৰক্ষা তথা মনোকামনা পূৰণৰ উদ্দেশ্যে ষট পূজা পালনক লৈ ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক:ৰূপহীহাটৰ খাটোৱালত চাঞ্চল্যকৰ পথ ডকাইতি