ETV Bharat / state

কাছাৰৰ ইচটমপুৰ বাগিচাত উত্তপ্ত পৰিস্থিতিঃ আৰক্ষীৰ লাঠি চালনা - ক'ভিড-19

অৱশেষত অঞ্চলটোত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হয় ৷ ঘটনাক কেন্দ্ৰ কৰি ইচটমপুৰ বাগিচাত চেপা উত্তেজনা অব্যাহত আছে ৷

cachar tea garden protest
কাছাৰৰ ইচটমপুৰ বাগিচাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠি চালনা
author img

By

Published : Aug 20, 2020, 5:21 PM IST

কাছাৰ, 20 আগষ্ট: কাছাৰ জিলাৰ ইচটমপুৰ বাগিচাত পুৱাৰে পৰা সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী-অৰ্ধ-সামৰিক বাহিনীৰ লাঠি চালনা ।

কাছাৰৰ ইচটমপুৰ বাগিচাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠি চালনা

নিশা জিলা প্ৰশাসনে কৰ‘ণাত আক্ৰান্ত লোকৰ মৃতদেহ আনি সৎকাৰ কৰা কাৰ্যক লৈ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল বাগিছাখনত ৷ পুৱা বাগিছাখনৰ শতাধিক ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ ৷ উত্তেজিত ৰাইজে সৎকাৰৰ বাবে অহা প্ৰশাসনৰ লোকৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ বাহনসহ কেবাখনো চৰকাৰী বাহন আবদ্ধ কৰি ৰাখি পৰিস্থিতি উত্তপ্ত কৰি তুলিছিল ৷ শ্ৰমিক সকলে মাটিত পুতি থোৱা ক'ভিড-19 ত আক্ৰান্ত লোকৰ মৃতদেহ উক্তস্থানৰ পৰা উঠাই লৈ যাবলৈ দাবী জনায় ৷ প্ৰশাসনৰ লোকে উত্তেজিত ৰাইজক বুজাবলৈ চেষ্টা কৰে যদিও বাগিচাখনৰ শ্ৰমিক সকলে কোনো কথা নামানি পুৱাৰে পৰা পৰিস্থিতি উত্তপ্ত কৰি ৰাখে ৷

অৱশেষত অঞ্চলটোত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ লোকে লাঠি চালনা কৰিবলৈ বাধ্য হয় ৷ ঘটনাক কেন্দ্ৰ কৰি ইচটমপুৰ বাগিচাত চেপা উত্তেজনা অব্যাহত আছে ৷

লগতে পঢ়ক : ক'ভিড-19ত মৃত্যু হোৱা লোকৰ সৎকাৰক কেন্দ্ৰ কৰি কাছাৰত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.