কাছাৰ, 23 এপ্ৰিলঃ কাছাৰৰ বৰখলা সোনাছড়া অঞ্চলত বৃহস্পতিবাৰে কাছাৰ আৰক্ষীয়ে চলোৱা এক অভিযানত এজন শ্ৰমিকৰ ঘৰৰ পৰা উদ্ধাৰ হয় এটা অনুজ্ঞাপত্ৰ বিহীন অবৈধ বন্দুক ৷ শিলচৰ আৰক্ষীয়ে লাভ কৰা গোপন খবৰৰ ভিত্তিত চলোৱা এই অভিযানত সপন চাওতাল নামৰ শ্ৰমিকজনৰ ঘৰৰ পৰা উদ্ধাৰ হয় বন্দুকটো ৷ জানিবপৰা মতে বন্দুকটে এবছৰ পূৰ্বে হোৱা গাঁও পঞ্চায়তৰ সভাপতি সুকেন্দু দাসৰ হত্যাকাণ্ডত ব্যৱহাৰ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷
এই ঘটনাক লৈ তদন্ত অব্যাহত আছে আৰক্ষীৰ ৷ কেনেকৈ এগৰাকী শ্ৰমিকৰ ঘৰত বন্দুক উদ্ধাৰ হ'ল তাকে লৈ চাঞ্চল্যৰ সৃষ্টী হৈছে ৷
লগতে চাওকঃ ভগামুখত চিকিৎসাধীন অৱস্থাত এজন ৪৫ বছৰীয়া লোকৰ মৃত্যু