শিলচৰ,16 মাৰ্চ: এখন ঠিকনাবিহীন চিঠিয়ে মঙলবাৰে বিয়লি হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰে শিলচৰ বিমানবন্দৰত ৷ শিলচৰ-গুৱাহাটী SG-8152 নম্বৰৰ স্পাইচ জেটৰ বিমানখনৰ ভিতৰত বোমা থকা বুলি এখন চিঠি আঁৰি থৈ যায় কোনো অচিনাক্ত লোকে ৷ এই ঘটনাৰ পাছতে বিমানবন্দৰটোত সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশৰ ৷
উল্লেখ্য যে, বিমানখন উৰণৰ কিছু সময়ৰ পূৰ্বে উদ্ধাৰ হয় চিঠিখন ৷ যাৰ বাবে নিৰ্ধাৰিত সময়তকৈ কেইবাঘণ্টা পলমকৈ উৰা মাৰিলে বিমানখনে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে দিল্লীৰ পৰা অহা এজন যাত্ৰীক আটক কৰিছে আৰক্ষীয়ে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়কঃ ধিঙত তীব্ৰতৰ হৈছে আমিনুল-মেহবুবৰ নিৰ্বাচনী আক্ৰোশ