শিলচৰ,13 জানুৱাৰী: আজি মাঘ বিহুৰ উৰুকা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ভোগৰ ভোগালীৰ প্ৰস্তুতিত ব্যস্ত শিলচৰবাসী ৷ বছৰেকৰ বিহুটিত এসাঁজ লগে ভাগে খোৱাৰ বাবে সকলোৱে চলাইছে প্ৰস্তুতি ৷
তাৰ সমান্তৰালভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱাৰ লগতে সকলো মাছৰ বজাৰত আজি উভৈনদী হৈ পৰিছে বিভিন্ন ধৰণৰ মাছ ৷ আন আন প্ৰান্তৰ লগে ভাগে এসাঁজ খোৱাৰ বাবে বজাৰৰ ডাঙৰটো মাছ কিনাৰ যেন এক অঘোষিত প্ৰতিযোগিতাহে চলিছে শিলচৰৰ বজাৰত ৷
লগতে পঢ়ক: নলবাৰীৰ বজাৰত 35 কেজি ওজনৰ ভকুৱা মাছ