বৰখলা, 20 নৱেম্বৰ : কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ হাতিচড়াত এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয় বুধবাৰে ৷ মৃত ব্যক্তি গৰাকীৰ নাম মিন্টু আচাৰ্য বুলি জানিব পৰা গৈছে ৷ স্থানীয় সূত্ৰে জানিব পৰা মতে স্থানীয় মতিবাসন আচাৰ্যৰ লৰা মিন্টু মঙলবাৰে নিশাৰ পৰা সন্ধানহীন হৈ আছিল ৷ বুধবাৰে প্ৰায় 11 বজাত হাতিছড়াত বনদূৰ্গা মন্দিৰ কাষতে থকা ৰাবাৰ বাগানত ৰাইজে মিণ্টু আচাৰ্য নামৰ ব্যক্তিজনৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ খবৰ পাই মালুগ্ৰাম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ এতিয়ালৈকে তেওঁৰ মৃত্যুৰ কাৰণ জনিব পৰা নাই যদিও ৰাইজৰ ধাৰণা এয়া এক পৰিকল্পিত হত্যা ৷ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷
বৰখলাত উদ্ধাৰ এটা মৃতদেহ - মালুগ্ৰাম আৰক্ষী
বুধবাৰে কাছাৰৰ বৰখলাৰ হাতিচড়াত এটা মৃতদেহ উদ্ধাৰ ৷ মৃতদেহটো মিন্টু আচাৰ্য নামৰ এজন ব্যক্তিৰ বুলি চিনাক্তকৰণ ৷