ETV Bharat / state

অসম-মিজোৰাম সীমান্ত হত্যাকাণ্ডৰ তদন্তৰ ভাৰ নিয়াক দিব অসম চৰকাৰে - অসম

অসম - মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত ৷ এক ইঞ্চিও মাটি এৰি নিদিয়ে অসমে ৷ মিজোৰামৰ দুস্কৃতিকাৰীয়ে অসমৰ লোকক অপহৰণ কৰি নি হত্যা কৰা কাণ্ডৰ তদন্তৰ ভাৰ নিয়াক দিয়াৰ বাবে বিবেচনা অসম চৰকাৰৰ ৷ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য,আৰক্ষী মহা পৰিদৰ্শক আৰু ৰাজ্যৰ মুখ্য সচিবে পৰিদৰ্শন কৰিলে লাইলাপুৰ ৷

অসম-মিজোৰাম সীমান্ত হত্যাকাণ্ডৰ তদন্তৰ ভাৰ নিয়াক দিব অসম চৰকাৰে

author img

By

Published : Nov 4, 2020, 11:56 AM IST

শিলচৰ, 4 নৱেম্বৰ : অসম-মিজোৰাম সীমান্তত মিজো দুস্কৃতিকাৰীয়ে এগৰাকী লোকক অপহৰণ কৰি নি হত্যা কৰাৰ চঞ্চল্যকৰ ঘটনাৰ তদন্তৰ ভাৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (নিয়া) ক প্ৰদান কৰাৰ কথা ভাবিছে অসম চৰকাৰে ৷ ৰাজ্যৰ পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মঙলবাৰে এই কথা সদৰী কৰে ৷

এজন চৰকাৰী মুখপাত্ৰই জানিবলৈ দিয়া মতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ মৰ্মে বনমন্ত্ৰী গৰাকীয়ে সোমবাৰে আন্তঃৰাজ্যিক সীমাৰ অসমৰ অংশৰ লাইলাপুৰত উপস্থিত হৈ আইন শৃংখলা পৰিস্থিতিৰ বুজ লয় ৷

অক্টোবৰ 17 তাৰিখে উক্ত অঞ্চলত দুয়োখন ৰাজ্যৰ লোকসকলৰ মাজত হোৱা সংঘৰ্ষৰ পাছতে অঞ্চলটোৰ পৰিৱেশ ষথেষ্ঠ উত্তেজনাময় হৈ আছে ৷ উল্লেখ্য যে 17 অক্টোবৰৰ সংঘৰ্ষৰ ফলত বহুকেইগৰাকী লোক বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱাৰ লগতে কেইবাখন দোকানো ধ্বংস হৈছিল ৷

সোমবাৰে কাচাৰ জিলাৰ নিৱাসী ইন্টাজুল লস্কৰে মিজোৰামৰ জিম্মাত থকা অৱস্থাতে মৃত্যুক সাৱটি লোৱাক লৈয়ে দুয়োখন ৰাজ্যৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷ লোকজনক লৈ অসম আৰু মিজোৰাম দুয়োখন ৰাজ্যই পৃথক মত পোষণ কৰিছে ৷ মিজোৰাম আৰক্ষীয়ে মৃত লস্কৰক এজন ড্ৰাগছ ব্যৱসায়ী বুলি দাবী কৰাৰ লগতে অভিযোগ কৰিছে যে দেওবাৰে ড্ৰাগছ দিবলৈ গৈ আন্তঃৰাজ্যিক সীমা পাৰ হোৱাৰ বাবেই লস্কৰক মিজোৰাম প্ৰশাসনে কৰায়ত্ব কৰিছিল ৷ ইফালে সম্পূৰ্ণ পৃথক মত পোষণ কৰি অসম আৰক্ষীয়ে লোকজন কাঠ সংগ্ৰহ কৰিবলৈ অৰণ্যলৈ যোৱাৰ পৰা সন্ধানহীন হোৱা বুলি দাবী কৰিছে ৷

শুক্লবৈদ্যই কয় যে অসম চৰকাৰে এই হত্যাকাণ্ডৰ তদন্তৰ ভাৰ নিয়াক দিয়াৰ বাবে বিবেচনা কৰিছে ৷ বনমন্ত্ৰী গৰাকীয়ে মৃত লস্কৰৰ ঘৰত উপস্থিত হৈ তেওঁৰ পিতৃক পাঁচ লাখ এখন চেক প্ৰদান কৰে ৷

শুক্লবৈদ্যৰ উপৰিও মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশ মৰ্মে অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী মহা পৰিদৰ্শক ভাস্কৰ জ্যোতি মহন্তই আইন শৃংখলা জনিত পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে মঙলবাৰে অসম মিজোৰাম সীমান্তৰ লগতে লাইলাপুৰ অঞ্চল পৰিদৰ্শন কৰে ৷

সাময়িক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বনমন্ত্ৰী গৰাকীয়ে আন্তঃৰাজ্যিক সীমা অঞ্চলত বাস কৰা লোক সকলক সীমা পাৰ হৈ ইটো পাৰলৈ নাযাবৰ বাবে আহ্বান জনাইছে ৷ তেওঁ লগতে কয় যে সীমান্ত লোক সকলৰ সুৰক্ষা সুনিশ্চিত কৰিবৰ বাবে অতি শীঘ্ৰে তিনিটা স্থায়ী আউটপষ্ট বহুৱা হ'ব ৷

অঞ্চলটো পৰিদৰ্শন কৰি বৰুৱা আৰু মহন্তই সাংবাদিকক জানিবলৈ দিয়ে যে অসমে নিজৰ প্ৰাদেশিক সীমাৰ পৰা এক ইঞ্চিও আঁতৰ নহয় আৰু অসম মিজোৰাম সীমা বিবাদ শান্তি সৌহাদ্যপূৰ্ণভাৱে সমাধান হোৱাটো বিচাৰে ৷

বৰুৱাই কয়, "অসমে ইয়াৰ সাংবিধানিক সীমা এৰি নিদিয়ে ৷ এই মাটি আমাৰ ৷ আমাৰ সাংবিধানিক সীমাৰ ক্ষেত্ৰত দ্বিতীয় কোনো মতামত নাই ৷" মুখ্য সচিব গৰাকীয়ে লগতে কয় যে সীমা অঞ্চলৰ বিষয়ক লৈ অসম চৰকাৰে কেন্দ্ৰৰ সৈতে নিৰন্তৰ যোগাযোগ অব্যাহত ৰাখিছে আৰু অসম চৰকাৰে আশা কৰে যে খুউব সোনকালেই সৌহাদ্যপূৰ্ণভাৱে এই সকলো সমস্যাৰ ওৰ পৰিব ৷

লগতে পঢ়ক: অসম আৰু মিজোৰাম সীমান্তত যুদ্ধ সদৃশ পৰিৱেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.