ETV Bharat / state

অসম জাতীয় পৰিষদে 2 আসন লাভ কৰিব বৰাক উপত্যকাত !

author img

By

Published : Nov 10, 2020, 8:08 AM IST

2021 চনৰ বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদে বৰাক উপত্যকাত 15 খন আসনত কংগ্ৰেছ, বিজেপি আৰু এ আই ইউ ডি এফ দলক বাদ দি আন দলৰ সৈতে মিলি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা প্ৰকাশ কৰে ৷

অসম জাতীয় পৰিষদে 2 আসন লাভ কৰিব বৰাক উপত্যকাত !
অসম জাতীয় পৰিষদে 2 আসন লাভ কৰিব বৰাক উপত্যকাত !

কাছাৰ, 10 নৱেম্বৰঃ সোমবাৰে কাছাৰত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ এখন গুৰুত্ব পূৰ্ণ সভা ৷ শিলচৰৰ সাহিত্য সভা ভৱন প্ৰাংগণত অনুষ্ঠিত এই আহ্বায়ক সভাখনত উপস্থিত থাকে দলটোৰ কেন্দ্ৰীয় সমন্বয়ক অদীপ কুমাৰ ফুকন সহ কেবাগৰাকীও জেষ্ঠ নেতা ৷ সভাখনত আহ্বায়ক হিচাপে উপস্থিত থাকে জিয়াউৰ ৰহমান ৷ উল্লেখ্য যে, 2021 চনৰ বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদে বৰাক উপত্যকাত 15 খন আসনত কংগ্ৰেছ,বিজেপি আৰু এ আই ইউ ডি এফ দলক বাদ দি আন দলৰ সৈতে মিলি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা প্ৰকাশ কৰে ৷ বৰাক উপত্যকাৰ পৰা অতি কমেও দুখন আসনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীয়ে জয় লাভ কৰিব বুলি নিশ্চিতি প্ৰদান কৰে ৷ এই সভাখনতে বৰাক উপত্যকাৰ কেবাটাও সমষ্টিৰ পৰা কেবাশতাধিক লোকে অসম জাতীয় পৰিষদত যোগদান কৰে ৷

লগতে চাওকঃ কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত তামুলপুৰত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.