ETV Bharat / state

বৰাকৰ অসম মৎস্য উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয়ত নিযুক্তিক লৈ উত্তপ্ত পৰিস্থিতি - অসম মৎস্য উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয়

বৰাকত ব্রহ্মপুত্র উপত্যকাৰ যুৱক-যুৱতৰ নিযুক্তিক লৈ মঙলবাৰে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ কাছাৰ জিলাৰ ৰংপুৰৰ অসম মৎস্য উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয়ত নিযুক্তি পত্ৰ লৈ যোগদান কৰিবলৈ অহা যুৱক-যুৱতীক বাধা প্ৰদান কৰি কাৰ্যালয়টো ঘেৰাও কৰে বৰাক ডে'মক্রেটিক ফ্রন্টে ৷

Assam Fisheries Development Corporation Limited
বৰাকৰ অসম মৎস্য উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয়ত নিযুক্তিক লৈ উত্তপ্ত পৰিস্থিতি
author img

By

Published : Feb 2, 2021, 7:06 PM IST

শিলচৰ, 2 ফেব্ৰুৱাৰী : কাছাৰ জিলাৰ ৰংপুৰৰ অসম মৎস্য উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয়ত মঙলবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ কৰ্মচাৰী নিযুক্তিক কেন্দ্ৰ কৰি ৰংপুৰৰ অসম মৎস্য উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয় ঘেৰাও কৰে বৰাক ডে'মক্রেটিক ফ্রন্টৰ কৰ্মকৰ্তা সকলে ৷

ঘটনাৰ বিৱৰণ অনুসৰি অসম মৎস্য উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয়ৰ অধিনত field assistant পদৰ বাবে নিযুক্তি পত্ৰ লৈ কেইবাগৰাকী যুৱক-যুৱতীয়ে যোগদান কৰিবলৈ অহাৰ সময়তে যোগদানত বাধা দিয়ে ডে'মক্রেটিক ফ্রন্টৰ কৰ্মকৰ্তা সকলে ৷ ডে'মক্রেটিক ফ্রন্টৰ কৰ্মকৰ্তা সকলৰ অভিযোগ অনুসৰি অসম মৎস্য উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয়ৰ অধিনত বৰাক উপত্যকাৰ শিক্ষিত যুক-যুৱতীৰ বিপৰীতে অন্য প্ৰান্তৰ যুৱক-যুৱতীক এই পদত নিযুক্তি দিয়া হৈছে ৷

বৰাকৰ অসম মৎস্য উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয়ত নিযুক্তিক লৈ উত্তপ্ত পৰিস্থিতি

বৰাক ডে'মক্রেটিক ফ্রন্টৰ নেতা প্ৰদীপ দত্ত ৰয়ৰ মতে বৰাকৰ শিক্ষিত যুৱক-যুৱতীক বঞ্চিত কৰি ব্রহ্মপুত্র উপত্যকাৰ যুৱক-যুৱতী সকলক এই পদত নিযুক্তি দিয়া হৈছে ৷ যাৰ বাবে অসম মৎস্য উন্নয়ন নিগম লিমিটেডৰ কাৰ্যালয়ৰ খালি পদত যোগদান কৰিবলৈ অহা যুৱক-যুৱতীক বাধা প্ৰদান কৰি বৰাকৰ বিপৰীতে কাৰ্যালয়টোৰ খালী পদত ৰাজ্যৰ অন্য প্ৰান্তৰ লোকক নিযুক্তি দিবলৈ দিয়া নহ'ব বুলি এক প্ৰত্যাহ্বান মূলক মন্তব্য প্ৰকাশ কৰে প্ৰদীপ দত্ত ৰয়ে ৷

লগতে পঢ়ক : চাৰিদুৱাৰত গাড়ী চালকক গুলিয়াই হত্যা,গাড়ী লৈ উধাও দুৰ্বৃত্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.