ETV Bharat / state

ভিডিঅ' ভাইৰাল হোৱাৰ বাবে আত্মহত্যা কৰিলে শিলচৰৰ এজন যুৱকে

এটা ভিডিঅ' ভাইৰাল হোৱাৰ ফলত কাছাৰ জিলাৰ সোনাই সাতকৰাকান্দিৰ এজন যুৱকে আত্মহত্যাৰ পথ বাছি লয় ৷ যুৱক জনৰ নাম নাজম উদ্দিন ভূঞাৰ পুত্ৰ বিকি বৰভূঞা বুলি জানিব পৰা গৈছে ৷

author img

By

Published : May 26, 2021, 8:00 PM IST

ভিডিঅ' ভাইৰাল হোৱাৰ বাবে আত্মহত্যা কৰিলে শিলচৰৰ এজন যুৱকে
ভিডিঅ' ভাইৰাল হোৱাৰ বাবে আত্মহত্যা কৰিলে শিলচৰৰ এজন যুৱকে

শিলচৰ, 26 মে' : এটা ভিডিঅ' ভাইৰেল হোৱাৰ ফলত কাছাৰ জিলাৰ সোনাই সাতকৰাকান্দিৰ এজন যুৱকে আত্মহত্যাৰ পথ বাছি লয় ৷ যুৱক জনৰ নাম নাজম উদ্দিন ভূঞাৰ পুত্ৰ বিকি বৰভূঞা বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে প্ৰত্যেক দিনৰ দৰে যুৱক জনে বিয়লি নিজ গ্রামৰ নদীৰ পাৰত ভলিবল খেলিবলৈ গৈছিল ৷ উক্ত স্থানতে ডিপু নামৰ এজন সতীৰ্থৰ সৈতে কাজিয়াৰ সুত্ৰপাত হয় ৷ পৰিস্থিতি এনে পৰ্যায় পায় যে দুয়োদনৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয় ৷

দুয়োৰে মাজত সংঘটিত হোৱা মাৰপিটৰ ঘটনা অন্য এজন লোকে ভিডিঅ' ৰেকৰ্ডিং কৰে ৷ এদিন এই ভিডিঅ'টো ভাইৰেল হৈ পৰে ৷ ভিডিঅ'টো ভাইৰেল হোৱাৰ পাচতে বিকি নামৰ যুৱকজনে আত্মহত্যাৰ পথ বাছি লয় ৷

স্থানীয় ৰাইজৰ সহযোগত সোনাই আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে আৰু শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ মৰণোত্ত পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ সমান্তৰালভাৱে উক্ত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে সোনাই আৰক্ষীয়ে ৷

লগতে পঢ়ক:দীঘাৰ উপকূলত সাগৰীয় ঘূৰ্ণী য়াছৰ প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.