ETV Bharat / state

শিলচৰত এটি শিশুৰ জন্মক লৈ চাঞ্চল্য

author img

By

Published : Jun 20, 2021, 3:51 PM IST

শিলচৰ চিভিল হাস্পতালত জন্ম ৫.২ কিল’গ্ৰাম ওজনৰ এটি শিশু ৷ ভাৰতবৰ্ষৰ ক্ষেত্ৰত এয়া এক বিৰল ঘটনা বুলি অভিমত ব্যক্ত কৰিছে চিকিৎসকসকলে ৷ ডঃ আফচাৰ আলমে কয় যে, অসমত জন্ম হোৱা শিশুৰ সাধাৰণতে গড় ওজন থাকে ২.৫ পৰা ৩ কিল’গ্ৰাম পৰ্যন্ত ৷

a-baby-weighing-5-kg-200-gm-is-born-at-civil-hospital-at-silchar
বিৰল ! শিলচৰ চিভিল হাস্পতালত জন্ম হ’ল ৫ কেজি ২০০ গ্ৰাম ওজনৰ শিশু

শিলচৰ, 20 জুন : শিলচৰ চিভিল হাস্পতালত জন্ম লাভ কৰিছে ৫.২ কিল’গ্ৰাম ওজনৰ এটি শিশু ৷ বৃহস্পতিবাৰে দুপৰীয়া চহৰৰ কনকপুৰ অঞ্চলৰ বাসিন্দা জয়া দাস নামৰ এগৰাকী মহিলাই জন্ম দিলে এই শিশুটো ৷ উল্লেখ্য যে, এই অঞ্চলসহ গোটেই ভাৰতবৰ্ষৰ ক্ষেত্ৰত এয়া এক বিৰল ঘটনা বুলি অভিমত ব্যক্ত কৰিছে চিকিৎসকসকলে ৷ চিভিল হাস্পতালত ডঃ আফচৰ আলমৰ তত্ত্বাৱধানত জন্ম হৈছে এই বিৰল শিশুটিৰ ৷

ডঃ আফচাৰ আলমে কয় যে, অসমত জন্ম হোৱা শিশুৰ সাধাৰণতে গড় ওজন থাকে ২.৫ পৰা ৩ কিল’গ্ৰাম ৷ কেতিয়াবা ৪ কিল’গ্ৰাম ওজনৰ শিশুৰ জন্ম হ’লে এই ঘটনা অস্বাভাৱিক বুলি ধৰি লোৱা হয় ৷ সেইক্ষেত্ৰত ৫.২ কিল’গ্ৰাম ওজনৰ এই শিশুটো বিৰল বুলি পৰিগণিত হৈছে ৷ চিকিৎসকে জনোৱা অনুসৰি, মহিলাগৰাকীৰ এয়া দ্বিতীয়টো সন্তান ৷

শিলচৰত এটি শিশুৰ জন্মক লৈ চাঞ্চল্য

জয়া দাসৰ প্ৰথম সন্তানৰ ওজন আছিল ৩.৮ কিল’গ্ৰাম ৷ তেওঁ আৰু কয় যে সাধাৰণতে প্ৰসূতি মাতৃ ডায়বেটিছ ৰোগী হ’লে সন্তানৰ ওজন বেছি হৈ থাকে ৷ কিন্ত এইক্ষেত্ৰত দেখা গৈছে যে, মাতৃ জয়া দাস ডায়বেটিছ ৰোগী নহয় ৷

বৰ্তমান মাতৃ আৰু শিশু দুয়োগৰাকী সম্পূৰ্ণ সুস্থ বুলি জানিবলৈ দিয়ে চিকিৎসকগৰাকীয়ে ৷ জয়া দাসৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত এনাস্থেচিয়াৰ দায়িত্বত আছিল ডাঃ ৰজত দেৱ ৷ ২০ বছৰৰ কৰ্ম জীৱনত ইমান বেছি ওজনৰ শিশু জন্ম হোৱা দেখা নাই বুলি প্ৰকাশ কৰে ডাঃ দেৱে ৷ এয়া তেওঁৰ এক বিৰল অভিজ্ঞতা বুলি তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়ক: পৰীক্ষা বাতিলৰ বাবেই লখিমপুৰত মেধাৱী ছাত্ৰীৰ আত্মহনন..!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.