ETV Bharat / state

কাছাৰ জিলাৰ মণিপুৰ সীমান্তত আৰক্ষীৰ জালত দুই নগা বিদ্ৰোহী

আৰক্ষী আৰু চিআৰপিএফৰ যৌথ অভিযানত দুজন দুধৰ্ষ ZUF দলৰ নগা বিদ্ৰোহী আটক ৷

ETV BHARAT
কাছাৰ জিলাৰ মণিপুৰ সীমান্তত আৰক্ষীৰ জালত দুই নগা সন্ত্ৰাসবাদী
author img

By

Published : Feb 27, 2020, 10:37 PM IST

শিলচৰ,27 ফেব্ৰুৱাৰীঃ কাছাৰ জিলাৰ মণিপুৰ সীমান্তত আৰক্ষী আৰু চিআৰপিএফৰ যৌথ অভিযানত দুজন ZUF দলৰ নগা বিদ্ৰোহীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে । ধৃত সন্ত্ৰাসবাদী কেইটাৰ নাম পৌথুইলুং গাংমেই আৰু ৰিকী পোজন ৷

কাছাৰ জিলাৰ মণিপুৰ সীমান্তত আৰক্ষীৰ জালত দুই নগা সন্ত্ৰাসবাদী

উল্লেখ্য যে, ধৃত বিদ্ৰোহী কেইটাৰ পৰা আৰক্ষীয়ে ইতিমধ্যে এটা নাইন এমএম পিস্তল আৰু পাঁচ জাই সজীৱ গুলিৰ লগতে এটা মোবাইল ফোন উদ্ধাৰ কৰিছে ৷ আনহাতে ৰিকী পোজন নামৰ বিদ্ৰোহীটোৰ ঘৰ মনিপুৰৰ তামেংলং জিলাত আৰু পৌথুইলুং গাংমেই বিদ্ৰোহীটোৰ ঘৰ নাগালেণ্ডৰ পেৰেন জিলাত বুলি জানিব পৰা গৈছে ৷ তাৰোপৰি বিদ্ৰোহী দুটাৰ পৰা আৰক্ষীয়ে তিনি লাখ টকা আৰু মোবাইল ফোনৰ উপৰিও কেইবাটাও অপহৰণ আৰু ছিনতাইৰ ঘটনাৰ লগত জড়িত থকা বুলি কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ দাসে সদৰী কৰিছে । ইতিমধ্যে ধৃত বিদ্ৰোহী কেইটাক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.