শিলচৰ, 8 জুনঃ দেওবাৰে শিলচৰৰ কাটিগৰাৰ কাতিৰাইলৰত সংঘটিত হয় এটি মৰ্মান্তিক ঘটনা ৷ কাতিৰাইলৰৰ এটা পানীৰ টেংকীৰ পৰা উদ্ধাৰ হয় 13 টা মৃত বান্দৰ ৷ স্থানীয় যুৱকে মৃত বান্দৰকেইটা প্ৰত্যক্ষ কৰি লগে লগে বনবিভাগক খবৰ দিয়ে ৷ বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বান্দৰ কেইটাৰ মৃতদেহ কেইটা উদ্ধাৰ কৰে ৷ উল্লেখ্য যে,কোনো দুষ্কৃতিকাৰীয়ে পানীত বিষ মিলাই দিয়াত বান্দৰকেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে বনবিভাগ তথা আৰক্ষীয়ে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে শিলচৰ আৰক্ষীয়ে ৷
লগতে পঢ়কঃ জাপানীজ এনকেফেলাইটিছঃ ৰাজ্যত এই পৰ্যন্ত চিনাক্ত তিনিজন