ETV Bharat / state

বহিঃৰাজ্যলৈ যোৱাৰ পথত সন্ধানহীন অসমৰ যুৱক - ASSAM POLICE

8 দিন উকলি যোৱাৰ পাচতো ঘৰ আহি পোৱা নাই দিলীপ ৰায় । ঘটনা সংক্ৰান্তত দিয়া এজাহাৰ মাণিকপুৰ আৰক্ষীয়ে গ্ৰহণ নকৰাৰ অভিযোগ যুৱকজনৰ পৰিয়ালৰ ।

MISSING
author img

By

Published : Jun 16, 2019, 5:31 PM IST

উত্তৰ অভয়াপুৰী 16জুনঃ: বহিঃৰাজ্যত সন্ধানহীন বঙাইগাঁৱৰ যুৱক । 8 দিন উকলি যোৱাৰ পাচতো ঘৰ আহি পোৱা নাই দিলীপ ৰায় । ঘটনা সংক্ৰান্তত দিয়া এজাহাৰ মাণিকপুৰ আৰক্ষীয়ে গ্ৰহণ নকৰাৰ অভিযোগ যুৱকজনৰ পৰিয়ালৰ ।

বঙাইগাঁও জিলাৰ মাণিকপুৰ বৰিপাৰাৰ দিলীপ ৰায় নামৰ এজন যুৱক প্ৰায় 8 দিন ধৰি সন্ধানহীন হৈ আছে । জানিব পৰা মতে, যোৱা 3 জুন তাৰিখে দিলীপ ৰায় (35) কোম্পানীত কাম কৰাৰ উদ্দেশ্যে ৰে’লেৰে বঙাইগাঁও ৰেল জংচনৰ পৰা গুজৰাটলৈ বুলি ৰাওনা হয় । 5 জুন তাৰিখে সন্ধিয়া প্ৰায় 7 মান বজাত মধ্যপ্ৰদেশৰ ৰটলম জংচনত দিলীপ ৰায়ে মূৰত আঘাত পোৱা বুলি এজন অচিনাকি লোকে ফোন কৰি জনায় আৰু তেওঁক উক্ত লোকজনে মেডিকেললৈ লৈ যোৱা বুলি জনায় । তাৰ পিছদিনা 6 জুন তাৰিখে দিলীপ ৰায়ে ঘৰলৈ ফোন কৰি তেওঁ মূৰত আঘাত পাইছিল যদিও সেই সময়ত তেওঁ সম্পূৰ্ণ সুস্থ বুলি জনায় আৰু গুজৰাটৰ পৰিৱৰ্তে তেওঁ ঘৰলৈকে উভতি আহিবৰ বাবে ৰে’লত উঠা বুলি পত্নীক জনায়। ইয়াৰ পাচৰে পৰা বৰ্তমান পৰ্যন্ত ছুইচ অফ হৈ আছে যুৱকজনৰ ফোনৰ ৷

বহিঃৰাজ্যলৈ যোৱাৰ পথত সন্ধানহীন অসমৰ যুৱক

6 জুন তাৰিখেই মধ্যপ্ৰদেশৰ ৰটলমৰ পৰা ঘৰমুৱা ৰে’লত উঠা দিলীপ ৰায় 8 দিন উকলি যোৱাৰ পাচতো আহি পোৱা নাই ঘৰ। ৰটলমৰ পৰা বঙাইগাঁও আহি পাবলৈ সময় লাগে প্ৰায় তিনি দিন । কিন্তু 8 দিন উকলি যোৱাৰ পাচতো ঘৰ আহি নোপোৱাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে । তেখেতৰ ডেৰ বছৰীয়া সন্তানৰ লগতে তেখেতৰ পত্নীয়ে চকুলোৰে বাট নেদেখা হৈছে । ঘটনা সংক্ৰান্তে দিলীপ ৰায় সন্ধানহীন হোৱা বুলি মাণিকপুৰ আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দিব বিচাৰিছিল যদিও মাণিকপুৰ আৰক্ষীয়ে এজাহাৰ খন গ্ৰহণ নকৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ। পৰৱৰ্তী সময়ত বঙাইগাঁও ৰেল আৰক্ষীত এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈকে দিলীপ ৰায়ৰ কোনো সন্ধান ওলোৱা নাই। সেয়েহে কোনোবাই যদি এই যুৱকজনৰ সন্ধান পায় তেনেহলে 9126360204,9365649688 নাইবা 9859066335 এই নম্বৰত ফোন কৰি জনাবলৈ অনুৰোধ কৰিছে দিলীপ ৰায়ৰ পৰিয়ালৰ লোকে ।

Intro:
বহিঃৰাজ্যত নিৰুদ্দেশ মাণিকপুৰৰ যুৱক। ডেৰ বছৰীয়া সন্তানৰ সৈতে পত্নীৰ হাহাকাৰ । আজি ১০ দিন ধৰি পোৱা নাই যুৱকজনৰ সন্ধান। ঘটনা সংক্ৰান্তে দিয়া এজাহাৰ মাণিকপুৰ আৰক্ষীয়ে গ্ৰহণ নকৰাৰ অভিযোগ যুৱকজনৰ পৰিয়ালৰ। Body:উত্তৰ অভয়াপুৰী ১৬জুনঃ: বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাণিকপুৰ বৰিপাৰাৰ দিলীপ ৰায় নামৰ এজন যুৱক আজি প্ৰায় ৮ দিন ধৰি সন্ধানহীন হৈ আছে। জানিব পৰা মতে, যোৱা ৩ জুন তাৰিখে দিলীপ ৰায় (৩৫) কোম্পানীত কাম কৰাৰ উদ্দেশ্যে ৰেলেৰে বঙাইগাঁও ৰেল জংচনৰ পৰা গুজৰাটলৈ বুলি ৰাওনা হয়। ৫ জুন তাৰিখে সন্ধিয়া প্ৰায় ৭ মান বজাত মধ্যপ্ৰদেশৰ ৰটলম জংচনত দিলীপ ৰায় মুৰত আঘাত পোৱা বুলি এজন অচিনাকি লোকে ফোন কৰি জনায় আৰু তেওঁক উক্ত লোকজনে মেডিকেললৈ লৈ যোৱা বুলি জনায়। তাৰ পিছদিনা ৬ জুন তাৰিখে দিলীপ ৰায়ে ঘৰলৈ ফোন কৰি তেওঁ মুৰত আঘাত পাইছিল যদিও সেই সময়ত তেওঁ সম্পূৰ্ণ সুস্থ বুলি জনায় আৰু গুজৰাটৰ পৰিৱৰ্তে তেওঁ ঘৰলৈকে উভতি আহিবৰ বাবে ৰেলত উঠা বুলি তেখেতৰ পত্নীক জনায়। পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে তেওঁক যেতিয়া ফোন কৰিবলৈ বিচাৰিলে তেতিয়া তেওঁৰ ৮৪০২৮৩১৬৩২ নম্বৰটো ছুইচ অফ দেখুৱালে আৰু আজি পৰ্যন্ত দিলীপ ৰায়ৰ উক্ত মোবাইল নম্বৰটো ছুইচ অফ দেখুৱাই আছে। ইফালে ৬ জুন তাৰিখেই মধ্যপ্ৰদেশৰ ৰটলমৰ পৰা ঘৰমুৱা ৰেলত উঠিছিল যদিও আজি ৮ দিন উকলি যোৱাৰ পিছতো আজি পৰ্যন্ত দিলীপ ৰায় ঘৰ আহি পোৱা নাই। ৰটলমৰ পৰা বঙাইগাঁও আহি পাবলৈ সময় লাগে প্ৰায় তিনি দিন। কিন্তু আজি ৮ দিন উকলি যোৱাৰ পিছতো ঘৰ আহি নোপোৱাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। তেখেতৰ ডেৰ বছৰীয়া সন্তানৰ লগতে তেখেতৰ পত্নীয়ে চকুলোৰে বাট নেদেখা হৈছে। ঘটনা সংক্ৰান্তে দিলীপ ৰায় সন্ধানহীন হোৱা বুলি মাণিকপুৰ আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দিব বিচাৰিছিল যদিও মাণিকপুৰ আৰক্ষীয়ে এজাহাৰ খন গ্ৰহণ নকৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ। পৰৱৰ্তী সময়ত বঙাইগাঁও ৰেল আৰক্ষীত এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈকে দিলীপ ৰায়ৰ কোনো সন্ধান ওলোৱা নাই। সেয়েহে কোনোবাই যদি এই যুৱকজনৰ সন্ধান পায় তেনেহলে 9126360204,       9365649688 নাইবা 9859066335 এই নম্বৰত ফোন কৰি জনাবলৈ অনুৰোধ কৰিছে দিলীপ ৰায়ৰ পৰিয়ালৰ লোকে ।
Conclusion:
Byte :  পৰিয়ালৰ লোক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.