বঙাইগাঁও, 28 জুলাই: ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণৰ মাজতে বঙাইগাঁৱত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে ৷ এইবাৰ জিলাখনত দুষ্ট চক্ৰই গাঞ্জা সেৱনৰ প্ৰশিক্ষণ দিয়া ঘটনা সংঘটিত হৈছে (Ganja use training in Bongaigaon) ৷
বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত কোকিলাৰ নিজ বাসগৃহতে গাঞ্জা সেৱনৰ প্ৰশিক্ষণ দিয়ে হজৰত আলী নামৰ এজন লোকে ৷ দীৰ্ঘদিন ধৰি গাঞ্জা সেৱনৰ প্ৰশিক্ষণৰ লগতে গাঞ্জা বিক্ৰী কৰি আহিছে হজৰতে ৷
আৰক্ষীয়ে এই তথ্য গম পোৱাৰ লগে লগে উত্তৰ শালমাৰাৰ মহকুমা আৰক্ষী বিষয়া নিতুমনি দাসৰ নেতৃতত আৰক্ষীৰ এটা বৃহৎ দলে হজৰতৰ ঘৰত তালাচী চলায় ৷ আৰক্ষীয়ে এই অভিযানত ২০৭ গ্ৰাম গাঞ্জাসহ, গাঞ্জা সেৱন কৰা কেবাটাও সামগ্ৰী জব্দ কৰে ৷
আৰক্ষী অহাৰ উমান লাভ কৰি পূৰ্বতে হজৰত আলীয়ে ঘৰৰ পৰা পলায়ন কৰে ৷ পৰৱৰ্তী সময়ত হজৰতৰ ঘৈণীয়েকক আটক কৰে আৰক্ষীয়ে (Woman arrested for teaching Ganja use) ৷ অচিৰেই এই দুস্কাৰ্যৰ লগত জড়িত সকলোকেই আৰক্ষীয়ে শীঘ্ৰেই কৰায়ত্ব কৰিব বুলি জনায় মহকুমা আৰক্ষী বিষয়াজনে ৷
লগতে পঢ়ক: Evil of child marriage: বৰপেটাত চাইল্ড লাইনৰ তৎপৰতাত উদ্ধাৰ নাবালিকা