ETV Bharat / state

বঙাইগাঁৱত ট্ৰাকসহ জব্দ জীৱ-জন্তুৰ অংগ-প্ৰত্যংগ - জীৱ-জন্তুৰ অংগ-প্ৰত্যংগ

দেওবাৰে নিশা বঙাইগাঁৱৰ গৰাইমাৰীৰ এখন ধাবাৰ পৰা বন বিভাগ আৰু আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ জীৱ-জন্তুৰ অংগ-প্ৰত্যংগ কঢ়িয়াই অনা ট্ৰাক এখন ৷ জব্দকৃত ট্ৰাক খনৰ লগতে আটক দুজন লোক ৷

জব্দ জীৱ-জন্তুৰ অংগ-প্ৰত্যংগ
জব্দ জীৱ-জন্তুৰ অংগ-প্ৰত্যংগ
author img

By

Published : Sep 14, 2020, 5:35 PM IST

বঙাইগাঁও, 14 ছেপ্তেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে জীৱ-জন্তুৰ অংগ-প্ৰত্যংগৰ সৰবৰাহ ৷ তাৰ মাজতে দেওবাৰে নিশা বিভিন্ন জীৱ-জন্তুৰ শুকান ছাল,হাড় আদি কঢ়িয়াই নিয়া অৱস্থাত বঙাইগাঁৱৰ গৰাইমাৰীত ট্ৰাকসহ আটক কৰা হয় দুজন লোকক ৷ বঙাইগাঁও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী আৰু বন বিভাগ কৰ্তৃপক্ষই অভিযান চলাই এখন ধাবাৰ পৰা ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় যদিও,আন দুখন ট্ৰাকে অভিযানকাৰী দলটোৰ বিষয়ে উমান পাই পলায়ন কৰিবলৈ সক্ষম হয় ৷

বঙাইগাঁৱত ট্ৰাকসহ জব্দ জীৱ-জন্তুৰ অংগ-প্ৰত্যংগ

এখন ধাবাত ৰৈ থকা ট্ৰাকখনৰ পৰা বৃহৎ পৰিমাণৰ জন্তুৰ ছাল,হাড় আদি জব্দ কৰে অভিযানকাৰী দলটোৱে ৷ UP-15AT-5105 নম্বৰৰ জব্দকৃত ট্ৰাক খনৰ চালকৰ স্বীকাৰোক্তিৰ ভিত্তিত জানিব পৰা গৈছে যে,সামগ্ৰীখিনি কামৰূপ জিলাৰ পৰা বংগ অভিমুখে নিয়া হৈছিল ৷ আন দুখন ট্ৰাকেও তেনে ধৰণৰ সামগ্ৰী কঢ়িয়াই আনিছিল যদিও,অভিযানকাৰী দলটো আহি পোৱাৰ পূৰ্বেই তেওঁলোকে সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি ট্ৰাকসহ জব্দকৃত সামগ্ৰীখিনি বঙাইগাঁও সদৰ থানাত ৰখাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: কলিয়াবৰত জব্দ বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.